নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ নতুন নাম ‘ক’ভিড–১৯’

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ চীনৰ হুবেই প্রদেশৰ য়ুহান চহৰৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১১১৪গৰাকীলৈ বৃদ্ধি পাইছে৷ কালি মাজনিশালৈকে এই তথ্য সদৰী কৰিছে বেইজিং প্রশাসনে৷ কালিৰ দিনটোত ৯০গৰাকীতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে চীনত৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰা লোকৰ সংখ্যা ৪৪,৭৪২গৰাকীলৈ বৃদ্ধি পাইছে৷ জেনেভাত মুখ্য কার্যালয় থকা বিশ্ব স্বাস্থ্য সংস্থা (হু)ই এই ক’ৰোনা ভাইৰাছৰ নতুন নাম দিছে ‘ক’ভিড–১৯’৷ মানুহৰ পৰা মানুহলৈ সংক্রমিত হোৱা এই ভাইৰাছবিধক ঘাতক বুলিও অভিহিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ অৱশ্যে ক’ৰোনাৰ এই নতুন নামকৰণ সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই সংস্থাটোৱে৷

You might also like