১২ ছেকেণ্ডৰ ডকাইতি, ৫ ডকাইতক ধৰিবলৈ ১৬০০জনক আটক
বিশেষ বাৰ্তা, ২৭ জুনঃ লক্ষ্য ২ লাখ টকা ডকাইতি! মাত্ৰ ১২ ছেকেণ্ডতে দিল্লীৰ ৰাজপথত চিনেমাৰ কায়দাৰে দুষ্কৃতিকাৰীয়ে ২ লাখ টকা ডকাইতি কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ চি চি টিভি ফুটেজ ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰে। দিল্লী পুলিচে ঘটনাত জড়িত ৫ ডকাইতক বিচাৰি চলাথ কৰিছে। তদন্তৰ বাবে যোৱা ২৪ ঘন্টাত ১৬০০জনক আটক কৰাৰ লগতে ২০০০খন বাহন জব্দ কৰে। অৱশ্যে এতিয়াও চিনাক্ত কৰিব পৰা নাই দোষীক। উল্লেখ্য যে শনিবাৰে চণ্ডী চকস্থিত অমিয়া এণ্টাৰপ্ৰাইজৰ ডেলিভাৰী এজেণ্ট পেটেল সাজন কুমাৰ আৰু তেওঁৰ সহযোগী জিগাৰ পেটেলে এখন কেবত দুই লাখ টকা লৈ গুৰুগ্ৰামলৈ গৈ থকা অৱস্থাত বাইকত অহা দুষ্কৃতিকাৰীয়ে পথ অৱৰোধ কৰে। চিচি টিভি ফুটেজত দেখা গৈছে যে বাইকত অহা দুষ্কৃতিকাৰীয়ে সুৰংগটোত অলপ দূৰ যোৱাৰ পাছতে গাড়ীখন অভাৰটেক কৰে। লগে লগে বাইকৰ পৰা নামি এজনে গাড়ীত থকা লোকসকলৰ ফালে বন্দুক টোঁৱায় আৰু গাড়ীৰ ভিতৰৰ পৰা ধনৰ বেগটো লৈ পলাই যায়। ইয়াক লৈ সৰৱ চৰ্চা হোৱাৰ পিছতে ঘটনাৰ তদন্ত কৰি দিল্লী আৰক্ষীয়ে ১৬০০জনক আটক কৰাৰ লগতে ২০০০খন বাহন জব্দ কৰে। শনিবাৰৰ ডকাইতি কাণ্ডত দিল্লীৰ নাগৰিকৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে।