নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বয়স- ১১২ বছৰ ৩৪৪ দিন: জাপানৰ চিতেন্সু বতনাৱে গঢ়িলে সকলোতকৈ বয়সীয়া জীৱিত ব্যক্তিৰ অভিলেখ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ সকলোতকৈ বয়সীয়া জীৱিত ব্যক্তিগৰাকীৰ নাম প্ৰকাশ কৰিছে । তেওঁৰ নাম চিতেন্সু বতনাৱে । জাপানৰ এইগৰাকী বয়সীয়া জীৱিত ব্যক্তিৰ বৰ্তমান বয়স হৈছে ১১২ বছৰ ৩৪৪ দিন ।

উল্লেখ্য যে চিতেন্সু বতনাৱেৰ জন্ম হৈছিল ১৯০৭ চনত জাপানৰ নীগাতাত। গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ এটা দলে বতনাৱেৰ ঘৰত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে । জানিব পৰা মতে চিতেন্সু বতনাৱেৰ ৮ টাকৈ সন্তান আছে । লগতে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনাত কৰ্মৰত আছিল ।

লগতে পঢ়ক- সমাজ গঢ়াৰ বাবেহে মানুহ লাগেঃ প্ৰমোদ বড়োক চকুপানীৰে বিদায় দিলে নেতা-কৰ্মীয়ে

ইফালে এক খবৰ অনুসৰি জাপানতেই আছে আটাইতকৈ বয়সীয়াল জীৱিত মহিলাগৰাকী । কেন তনাকা নামৰ মহিলাগৰাকীৰ বৰ্তমান বয়স হৈছে ১১৬ বছৰ । স্মৰ্তব্য যে যোৱা বছৰ ১১৬ বছৰ ৬৬ দিন সম্পূৰ্ণ কৰাৰ পাছত তেওঁক সকলোতকৈ বয়সীয়া জীৱিত মহিলাৰ সন্মান আগবঢ়োৱা হয় ।

You might also like