নিয়মীয়া বাৰ্তা, ৩০ জুনঃ দল-সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদ ৰুধিবলৈ যুদ্ধংদেহী স্থিতি গ্ৰহণ কৰি অহা শিৱসাগৰ আৰক্ষীয়ে সাধাৰণ জনতাৰ জীৱন সম্পতিৰ নিৰাপত্তা দিয়াত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মাত্ৰ দুটা দিনৰ ব্যাৱধানত পুণৰ শিৱসাগৰ চহৰৰ মাজমজিয়াত চোৰ ডকাইতৰ দলে নিৰৱচিন্নভাৱে ইটোৰ পিছত সিটো অপৰাধজনিত কাৰ্য্য সংঘটিত কৰিবলৈ সক্ষম হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাক লৈ সাধাৰণ জনতাক ক্ষুন্ন কৰি তুলাৰ সময়তেই আজি পুঁৱতিনিশাৰ পৰা পুৱা ৬ বজা পৰ্য্যন্ত শিৱসাগৰত সংঘটিত হল পাঁচটাকৈ চাঞ্চল্যকৰ চুৰি কাণ্ড৷ তিনিখনকৈ বিলাসী বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই মবাইল ফোন, মণিবেগকে ধৰি অন্যান্য সামগ্ৰী লুট কৰাৰ লগতে চহৰৰ মাজমজিয়াৰ পৰা দুখনকৈ বাইক চুৰি কৰি নিয়াৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শিৱসাগৰ আৰক্ষীৰ চুড়ান্ত ব্যৰ্থতাৰ ছবিখনহে উন্মোচিত কৰিছে বুলি সৰব চৰ্চা আৰম্ভ হৈছে৷ মাত্ৰ তিনিটা ঘন্টাৰ ব্যৱধানত সংঘটিত পাঁচটাকৈ চুৰিৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে সদৰ থানাত দাখিল কৰিছে পৃথকে পৃথকে এজাহাৰ ৷জানিব পৰা মতে আজি পুৱতি নিশা নগৰৰ বিজি ৰোড অঞ্চলৰ পৰা গৃহস্থৰ গেটৰ তলা ভাঙি দুখনকৈ পালচাৰ বাইক চুৰে চুৰি কৰি নিয়ে ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি অমৃত নাথৰ এ এচ ০৪ এল, ৭৯৭০ নম্বৰৰ পালচাৰ বাইক খনৰ লগতে অনজয় দাস নামৰ যুৱক জনৰ এ এচ ০৪ এ ই, ৭৩৬৮ নম্বৰৰ বাইক খনো চুৰে চুৰি কৰি নিয়ে ৷ স্মৰ্তব্য যে, বিজি ৰোডৰ একেটা চৌহদৰ পৰাই দুয়োখন বাইক চুৰি হয় ৷ঘটনা সন্দৰ্ভদ দুয়োগৰাকী ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ ইফালে পুৱা ৫.৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত চহৰৰ ৰেড ক্ৰচ ৰোড, বৰ পুখুৰী পাৰ আৰু ষ্টেচন ছাৰি আলিত সংঘটিত হয় আন তিনিটা লুট পাতৰ ঘটনা ৷প্ৰাপ্ত বাতৰি মতে উদীয়মান সামাজিক কৰ্মী তথা বেতবাৰীৰ নিবাসী নৱ চাংমাইয়ে আন দিনাৰ দৰে আজি পুৱাও বৰ্ডিং খেল পথাৰত ফুট বলৰ অনুশীলন কৰিবলৈ আহিছিল ৷ নিজৰ এ এচ-২৩ এল-১০১২ নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ গাড়ী খন বৰ্ডিং ফিল্ডৰ কাষৰ ৰেড ক্ৰচ ৰোডত পাৰ্কিং কৰি থৈ যোৱা চাংমাইয়ে অনুশীলন সামৰি গাড়ীৰ ওচৰলৈ ঘুৰি অহাৰ পিছতেই গাড়ী খনৰ সন্মুখৰ বাঁওফালৰ গ্লাছ খন ভাঙি থোৱা প্ৰতক্ষ্য কৰে ৷ চাংমাইয়ে ভাল দৰে গাড়ীখন প্ৰতক্ষ্য কৰাত ভিতৰত থৈ যোৱা মবাইল ফোন, মণিবেগ লুটি নিয়াতো স্পষ্ট হৈ পৰে ৷ইতিমধ্যে নিকটৱৰ্তী এটা পৰিয়ালৰ বাসগৃহত লাগি থকা এটা চি চি কেমেৰাত সমগ্ৰ দৃশ্য আৱদ্ধ হৈছে ৷ অন্যহাতেদি পুৱাৰ ভাগত সংঘটিত এই লুটপাতক লৈ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই পোহৰলৈ আহে আন দুটা অনূৰূপ লুটপাতৰ ঘটনা৷ জানিব পৰা মতে প্ৰাতঃভ্ৰমণৰ বাবে অহা এজন ব্যক্তিয়ে নিজৰ বিলাসী গাড়ী খন থৈ বৰ পুখুৰীৰ পাৰত থৈ যোৱাৰ কিছু সময়ৰ পিছতেই গ্লাছ ভাঙি মবাইল আদিকে ধৰি আন সামগ্ৰী লুটি নিয়াৰ লগতে ষ্টেচন ছাৰিআলি অঞ্চলতো প্ৰাতঃভ্ৰমণৰ বাবে অহা এজন ব্যক্তিৰ ৰখাই থোৱা বাহণৰ গ্লাছ ভাঙি মবাইল, মণিবেগ লুট কৰাৰ বাতৰি আহিছে ৷কিন্তু দৰিকা পাৰৰ মিনু দেউৰী আৰু চহৰৰ মাজমজিয়াত সংঘটিত দুটা দিনৰ ব্যৱধানত সংঘটিত লুট পাতৰ ঘটনাৰ লগত জড়িত এটাও দুৰ্বৃত্তক অদ্যপৰিমিত আটক কৰিবলৈ সদৰ আৰক্ষী ব্যৰ্থ হোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷সচেতন মহলে শীঘ্ৰে ব্যৰ্থ আৰক্ষীক চিনাক্ত কৰি সেই স্থানত দক্ষ্য বিষয়াক নিযুক্তিৰে ৰাইজ সম্পতিৰ নিৰাপত্তা নিশ্ছিত কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান