নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভোগডাঙাত বিজেপিৰ মহাজনসম্পৰ্ক কাৰ্যসূচী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

✅ৰাজহুৱা শ্মশান-কমিউনিটি হল নিৰ্মাণৰ বাবে নিজৰ সাংসদ পূঁজিৰ পৰা ১৩ লাখ টকাৰ অনুদান

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ :নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ ৯ বছৰীয়া বৰ্ষপুৰ্তিৰ ল’গত সংগতি ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে মহাজনসম্পৰ্ক কাৰ্য্যসূচী। এমাহজোৰা সেই কাৰ্য্যসূচী ৰূপায়িত কৰিবলৈ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত দলটোৰ স্থানীয় কৰ্মকৰ্তাসকলে ধুবুৰী জিলাৰ চুকে-কোণে চলাই গৈছে জনসম্পৰ্কৰ কাম। তাৰেই অংগ ৰূপে আজি প্ৰতিকূল বতৰকো নেওচি ৰাজ্যসভাৰ সংসদ মাৰ্ঘেৰিটাৰ নেতৃত্বত বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তাৰ এটি দল উপস্থিত হয় জিলাখনৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ভোগডাঙাত। ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ সীপাৰে থকা ভোগডাঙাৰ ৰাইজ সাংসদগৰাকীক কাষত পাই আপ্লুত হৈ পৰা পৰিলক্ষিত হয়। তেওঁ অঞ্চলটোৰ বিভিন্ন সমস্যাকে ধৰি ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ভোগডাঙাত এটি ১০ লাখ টকীয়া ৰাজহুৱা শ্মশান আৰু ৩ লাখ টকীয়া এটা কমিউনিটি হল নিৰ্মাণৰ বাবে নিজৰ সাংসদ পুঁজিৰ পৰা মুঠ ১৩ লাখ টকা প্ৰদান কৰিব বুলিও ঘোষণা কৰে তেওঁ। সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ এই ঘোষণাক তুমুল হৰ্ষধ্বনিৰে আদৰাও দেখা যায় অঞ্চলটোৰ ৰাইজ। মহাজনসম্পৰ্কৰ এই বিশেষ কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, জিলাখনৰ মহিলা মৰ্চাৰ সভাপতি ইন্দ্ৰানী সিংহ চৌধুৰীকে ধৰি বিজেপিৰ জিলা পৰ্য্যায়ৰ অইন কেইবাগৰাকী কাৰ্য্যকৰ্তা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like