নিয়মীয়া বাৰ্তা, ১ জুলাই : মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত গেৰুৱা অঞ্চলৰ পাঁচখন বিদ্যালয়ত শিক্ষকতা বৃত্তিৰে সুদীৰ্ঘ ৩০টাকৈ বসন্ত পাৰ কৰা একেটা অঞ্চলৰ পাঁচ অৱসৰপ্ৰাপ্ত শিক্ষকক আজি সতীৰ্থ গুৰুমণ্ডলীয়ে জনালে বিদায় সম্ভাষণ। ৰুগীয়া বিদায়ী শিক্ষকৰ হৃদয়ভগা গীতত উচুপি উঠে সতীৰ্থ গুৰুমণ্ডলী। উল্লেখ্য যে লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত গেৰুৱা কেন্দ্ৰৰ পাঁচখনকৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা পাঁচজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ক্ৰমে লক্ষী দাস, প্ৰভাত গোস্বামী, প্ৰেমদা বৰা, ফুনু শইকীয়া, আৰু কলিমউদ্দিন আহমেদক বিদায় সম্ভাষণ জনাবৰ বাবে গেৰুৱা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰৰ উদ্যোগত পশ্চিম গেৰুৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত কৰা হৈছিল এখনি বিদায় সম্ভাষণ সভা। কেন্দ্ৰৰ সভাপতি দীপেন চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদেশ্য ব্যাখ্যা কৰে কেন্দ্ৰটোৰ সম্পাদক তথা মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি গন্ধৰ্ব কোঁৱৰে। অৰ্ধশতাধিক সতীৰ্থ শিক্ষকৰ উপস্হিতিত প্ৰতিজন বিদায়ী শিক্ষাগুৰুক শৰাই, গামোচা, চেলেং, আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায় সতীৰ্থ গুৰুমণ্ডলীয়ে। সতীৰ্থ শিক্ষকৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰতিজন বিদায়ী শিক্ষক আৱেগিক হৈ পৰে।
প্ৰেৰক আবুল কালাম