নিয়মীয়া বাৰ্তা, ২ জুলাই : এয়া যে বাৰিষাৰ বতৰ। খেয়ালি প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদানেৰে আকাশ শুভ্ৰ কৰি তোলে বগলীৰ জাকে। আগলি বাঁহত শুভ্ৰ বসনৰ মেলা পাতিছে শ শ বগলীয়ে। বিভিন্ন প্ৰজাতিৰ জাক জাক বগলীয়ে শোভাবৰ্ধন কৰিছে ঢকুৱাখনাৰ টাউন তিনিআলিৰ এখন বিশেষ বাৰীৰ। বগলীৰ জাকৰ কোলাহলে দৃষ্টি হৰিছে বাটৰুৱাৰ লগতে প্রকৃতিপ্ৰেমীৰ। কোনো এক অচিন ঠাইৰ পৰা আহি ঢকুৱাখনা নগৰৰ মাজমজিয়াৰ এখন বাঁহনিত আশ্ৰয় লৈছেহি জাকে জাকে বিভিন্ন প্ৰজাতিৰ বগলীয়ে। মানুহৰ সৈতে এতিয়া সহাৱস্থান কৰিছে বগলীৰ জাকটোৱে। যি সময়ত প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা নিৰ্মম অত্যাচাৰৰ ফলত পশু-পক্ষীৰ বিচৰণ ক্ষেত্ৰ হ্ৰাস পাইছে, তেনে সময়তে ঢকুৱাখনাৰ টাউন তিনিআলিৰ কৃষ্ণ বৰা আৰু ফুলেশ্বৰ বৰা নামৰ দুজন ব্যক্তিয়ে নিজৰ বাৰীত এই চৰাইজাকক সুদীৰ্ঘ ২০ বছৰে আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰি পক্ষীপ্ৰেমৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে। পৰিয়াল দুটাৰ নিৰাপত্তাৰ মাজতে সুদীৰ্ঘ বিশ বছৰ ধৰি নিৰ্ভয়-নিঃসংকোচে বসবাস কৰি বংশবৃদ্ধি কৰি আহিছে ৰঙা ঠোঁটৰ বগলী, কলা ঠোঁটৰ বগলীৰ জাকটোৱে। সেউজীয়া বাঁহগছত আপোন মনে বহলকৈ ডেউকা মেলি নিৰ্ভয়ে বিচৰণ কৰাৰ দৃষ্টিনন্দন শোভাই সকলোকে আকৰ্ষিত কৰি আহিছে। উল্লেখ্য যে বগলীৰ জাকৰ বিষ্ঠাৰ বাবে হোৱা দুৰ্গন্ধৰ বাবে দুই-এজনে বগলী জাকক খেদি বাঁহগছবোৰ কাটিব লাগে বুলি দাবী জনাই অহাৰ বিপৰীতে বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ মোহত বন্দী পৰিয়াল দুটাই চৰাইক খেদিবলৈ কোনোমতেই সন্মত হোৱা নাই। সম্প্ৰতি সমগ্ৰ টাউন তিনিআলি অঞ্চলটোত দিনে-নিশাই এতিয়া বগলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায়। কিন্তু বছৰ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰি বংশবৃদ্ধি কৰা বগলীবোৰ মাজে মাজে একাংশ মাংসলোভী দুষ্টচক্ৰৰ আক্ৰমণৰ লক্ষ্যও হৈ পৰে। বগলী চিকাৰ কৰিবলৈ অহা এনে মাংসলোভী চিকাৰীবোৰক বাধা প্ৰদান কৰিবলৈ গৈ পৰিয়াল দুটাই কেতিয়াবা সংঘাততো লিপ্ত হ’বলগীয়া হয় বুলি জানিব পৰা গৈছে। যি সময়ত বিভিন্ন কাৰণত অসমৰ আকাশৰ পৰা ক্ৰমে বগলী বিলুপ্তিৰ পথলৈ গতি কৰিছে সেই সময়তে ঢকুৱাখনাৰ এই দুটি পৰিয়ালৰ বগলী সংৰক্ষণৰ এই নিদৰ্শন সঁচাই প্ৰশংসনীয়।
প্ৰেৰক পুলকজ্যোতি বৰা