🔴মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঢেকীয়াজুলিত চিএম ভিজিলেঞ্চৰ অভিযান
🔴৯ দিনত চাউল কেলেংকাৰিৰ ১০ অভিযুক্তক গ্ৰেপ্তাৰ
🔴 ৰাজা গুপ্তাই মজুত ৰাখিছিল চৰকাৰী আঁচনিৰ চাউল
🔴সমবায়ৰ ২৪১৮.২০ কুইন্টল চাউল কেলেংকাৰি বহু ব্যক্তি গ্ৰেপ্তাৰৰ সম্ভাৱনা
বিশেষ বাৰ্তা, ৪ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঢেকিয়াজুলিত ২৪১৮.২০ কুইন্টল চাউল কেলেংকাৰী সন্দৰ্ভত চি এম ভিজিলেঞ্চৰ অভিযানত উন্মোচিত হৈছে নিত্যনতুন তথ্য। ইতিমধ্যেই চিএম ভিজিলেঞ্চে অভিযান চলাই বিয়াগোম চাউল কেলেংকাৰীৰ মূল নায়ক তথা মাষ্টাৰ মাইণ্ড হেমন্ত তালুকদাৰৰ সৈতে ৯ এজেন্ট তথা যোগানিয়াৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল ক্ৰমে অনিৰুদ্ধ পাৰিক, অশোক ঘোষ,(এই দুগৰাকী এজেন্ট ), সুব্ৰত বনিক, মৃদুল তেৰণ (এই দুগৰাকী মিজিবাৰী সমবায় সমিতিৰ এজেন্ট), গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত হেমন্ত তালুকদাৰৰ মেনেজাৰ, ভাস্কৰ কৰ, মাল জোখক ঠগী তাঁতি, যোগানিয়াৰ সুৰজিৎ সেনাপতি, মূল অভিযুক্ত হেমন্ত তালুকদাৰৰ ব্যক্তিগত গাড়ীচালক দুৰ্লভ কুমাৰ নাথ, ৰাজা গুপ্তা (চৰকাৰী চাউলৰ অবৈধ ব্যৱসায় কৰা ব্যৱসায়ী)৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ প্ৰায় দুই কোটি টকা মূল্যৰ চাউল আত্মসাৎ কৰা সন্দৰ্ভত উচিত তদন্ত বিচাৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দিয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰি চিএম ভিজিলেঞ্চক উচিত তদন্তৰ নিৰ্দেশ দিয়াত বৰ্তমানলৈ ভিজিলেঞ্চৰ দলে ৯ দিনৰ ভিতৰত বৃহৎ চাউল কেলেংকাৰীৰ মূল অভিযুক্তৰ লগতে ১০ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি দুপৰীয়া ঢেকিয়াজুলিৰ আলীচিঙাস্থিত বগীপুখুৰী গাঁৱৰ লতিকা চৰকাৰ নামৰ গেলামাল ব্যৱসায়ীগৰাকীৰ গৃহত অভিযান চলাই চিএম ভিজিলেঞ্চৰ দলে উদ্ধাৰ কৰে ৭৪ বেগ অৰ্থাৎ ৩৭ কুইন্টলতকৈ অধিক পৰিমাণৰ চৰকাৰী চাউল। চিএম ভিজিলেঞ্চক লতিকা সৰকাৰ নামৰ গেলামাল ব্যৱসায়ীগৰাকীয়ে স্বীকাৰোক্তি দিয়ে যে, ৰাজা গুপ্তা নামৰ ব্যৱসায়ীগৰাকীয়ে মহিলাগৰাকীৰ গৃহত মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ চাউল৷ স্মৰ্তব্য যে ৰাজা গুপ্তা নামৰ ব্যৱসায়ীগৰাকীৰ গৃহত ইতিমধ্যেই চিএম ভিজিলেঞ্চৰ দলে ৰবিবাৰে অভিযান চলাই চৰকাৰী আঁচনিৰ আঢ়ৈশ কুইন্টলতকৈ অধিক চাউল মজুত কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰি চিএম ভিজিলেঞ্চে ৰাজা গুপ্তাক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চিএম ভিজিলেঞ্চৰ দলে ঢেকিয়াজুলিত ২৪১৮.২০ কুইন্টল চাউল কেলেংকাৰীৰ ক্ষেত্ৰত অভিযান চলাই বৰ্তমানলৈ চাউল কেলেংকাৰীৰ মূল নায়ক হেমন্ত তালুকদাৰৰ লগতে ১০ অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷ বিশেষভাৱে উল্লেখ্য যে বগীপুখুৰী গাঁৱৰ লতিকা চৰকাৰ নামৰ গেলামাল ব্যৱসায়ীগৰাকীয়ে পোনপ্ৰথমে চিএম ভিজিলেঞ্চৰ অভিযানত জেৰা চলোৱাত অবৈধভাৱে মজুত কৰি ৰখা চাউলখিনি ঢেকিয়াজুলিৰ মিজিবাৰী সমবায় সমিতিৰ এজেন্ট বিশ্বজিৎ মজুমদাৰে জমা কৰি থোৱা বুলি জনাইছিল৷ কিন্ত ৰহস্যজনকভাৱে চিএম ভিজিলেঞ্চৰ দলটোৰ জেৰাত পৰৱৰ্তী সময়ত নিজৰ ভাষ্য সলনি কৰি লতিকা চৰকাৰে মজুত কৰি ৰখা চাউলখিনি ৰাজা গুপ্তাই মজুত কৰা বুলি স্বীকাৰোক্তি দিছিল৷ মনকৰিবলগীয়া যে মিজিবাৰী সমবায় সমিতিৰ এজেন্ট বিশ্বজিৎ মজুমদাৰে অবৈধভাৱে চৰকাৰী আঁচনিৰ চাউল আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ পূৰ্বৰেপৰা উত্থাপিত হৈ আহিছিল ৷ সমবায়ৰ এজেন্ট বিশ্বজিৎ মজুমদাৰৰ বিৰুদ্ধে বিগত ১৮ মাহে হিতাধিকাৰী গীতাৰাণী চৰকাৰ নামৰ মহিলাগৰাকীৰ লগতে বহু দৰিদ্ৰ লোকক চাউল বিতৰণ নকৰি চৰকাৰী চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ মিজিবাৰী সমবায়ৰ এজেন্ট বিশ্বজিৎ মজুমদাৰৰ বিৰুদ্ধে দৰিদ্ৰ হিতাধিকাৰী গীতাৰাণী সৰকাৰে বিগত ১৫ জুনত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ উপৰি ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাক বিগত ১৮ মাহে চৰকাৰী আঁচনিৰ চাউল লাভ নকৰা সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছিল যদিও বৰ্তমানলৈকে অভিযুক্ত এজেন্ট বিশ্বজিৎ চৰকাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত তথা ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰী গীতাৰাণী চৰকাৰে ৷আনহাতে মিজিবাৰী সমবায়ৰ এজেন্ট বিশ্বজিৎ মজুমদাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে মিজিবাৰী সমবায়ৰ এজেন্ট বিশ্বজিৎ মজুমদাৰে মিন্টু সিংহ ৰয় নামৰ হিতাধিকাৰীগৰাকীয়ে মাহে পাব লগা চৰকাৰী আঁচনিৰ ১০ কেজি চাউলৰ পৰিৱৰ্তে ৫ কেজি আৱন্টন কৰিছিল৷ বাকী ৫ কেজি চৰকাৰী আঁচনিৰ চাউল এজেন্ট বিশ্বজিৎ মজুমদাৰে আত্মসাৎ কৰাৰ তথ্য সাংবাদিকৰ হাতত আহি পৰিছে ৷ মুঠতে চৰকাৰী আঁচনিৰ চাউল আত্মসাৎ কৰা অভিযুক্তৰ ভিতৰত মিজিবাৰী সমবায় সমিতিৰ এজেন্ট বিশ্বজিৎ মজুমদাৰৰ বিৰুদ্ধে তথ্য প্ৰমাণ ইতিমধ্যেই চিএম ভিজিলেঞ্চৰ দলে লাভ কৰিছে । পৰৱৰ্তী সময়ত চিএম ভিজিলেঞ্চৰ তদন্তত এইগৰাকী মিজিবাৰী সমবায় সমিতিৰ এজেন্ট বিশ্বজিৎ মজুমদাৰ দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ আজি চিএম ভিজিলেঞ্চৰ অভিযানকালত উপস্থিত আছিল শোণিতপুৰ জিলাৰ ডিডিএছ মন্টু কুমাৰ দাস, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা চৰকাৰৰ লগতে আৰক্ষীৰ এটা দল ৷ শোণিতপুৰ জিলাৰ ডিডিএছ মন্টু কুমাৰ দাসে সংবাদ মাধ্যমত জনায় যে সমবায়ৰ ২৪১৮.২০ কুইন্টল চাউল কেলেংকাৰী সন্দৰ্ভত চিএম ভিজিলেঞ্চৰ জালত আৰু বহু ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷
প্ৰেৰক কল্পজ্যোতি নাথ