বিশেষ বাৰ্তা, ৭ জুলাইঃ ওড়িশাৰ বালাছ’ৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে চিবিআয়ে আজি গ্ৰেপ্তাৰ কৰে তিনিজন ৰে’ল কৰ্মচাৰীক। এই তিনি কৰ্মচাৰীৰ নাম জ্যেষ্ঠ খণ্ড অভিযন্তা অৰুণ কুমাৰ মহন্ত, জ্যেষ্ঠ খণ্ড অভিযন্তা মহম্মদ আমিৰ খান আৰু কাৰিকৰী টেকনিচিয়ান পাপ্পু কুমাৰ। তিনিওকে আই পি চিৰ ৩০৪ আৰু ২০১ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, তিনিওজন কৰ্মচাৰীক বালাছোৰ জিলাত নিযুক্ত। দৰাচলতে যোৱা ২ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত বাহানাগা বজাৰ ৰেলৱে ষ্টেচনৰ সমীপত ষ্টেচনত থিয় হৈ থকা এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হয় ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ। ইয়াৰ পিছত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছো তাৰ কবলত পৰে। এই ৰেল দুৰ্ঘটনাত ২৯২জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক আহত হয়। এই ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছত ৰেলৱেই তদন্তৰ বাবে এখন কমিটী গঠন কৰিছিল। ইয়াৰ লগতে সমগ্ৰ গোচৰৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হয়। চিবিআয়ে লক্ষ্য কৰিছে যে দুৰ্ঘটনাৰ মূল কাৰণ আছিল ‘ভুল সংকেত’। ৰে’লৱে ব’ৰ্ডক ৰে’ল সুৰক্ষা আয়োগে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সংকেত প্ৰদানৰ কামত খুঁত থকাৰ পাছতো যদি দুৰ্ঘটনা সংঘটিত হোৱা বাহানাগা বজাৰৰ ষ্টেচন মেনেজাৰে এছ এণ্ড টিৰ কৰ্মচাৰীসকলক দুটা সমান্তৰাল সংযোগী চুইচ স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল। ‘অস্বাভাৱিক আচৰণ’ৰ বিষয়ে বাৰে বাৰে ৰিপ’ৰ্ট কৰা হ’লে তেওঁলোকে প্ৰতিকাৰৰ পদক্ষেপ ল’ব পাৰিলেহেঁতেন।