নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ আলহাজ হবিব উল্লাহৰ মৃত্যুত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ৭ জুলাই : শিৱসাগৰ জিলাখনৰে অন্যতম আগশাৰীৰ সমাজ সংগঠক, বিভিন্ন সামাজিক অনুষ্ঠানৰ অন্যতম উদ্যোক্তা তথা আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন বেংক বিষয়া,জমিয়ত উলামা ই হিন্দৰ শিৱসাগৰ জিলাৰ সভাপতি আলহাজ হবিব উল্লাহ ( ৭১)ৰ আজি নিশা প্ৰায় চাৰে সাত বজাত গুৱাহাটীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ খবৰে সমগ্ৰ জিলাখনতেই গভীৰ শোঁকৰ ছা পেলাইছে ৷ মৃত্যুৰ আগমুহূত্বলৈকে শিৱসাগৰ জিলাৰ জমিয়ত উলামাৰ সভাপতি হিচাবে দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা আলহাজ হবিব উল্লাই জিলাখনৰ অৰ্ধশতাধিক সামাজিক অনুষ্ঠানৰ গুৰু দায়িত্ব নিয়াৰিকৈ পালন কৰি আহিছিল ৷ শিৱসাগৰ চহৰৰ সমীপৰ মৰনৈ কিনাৰ গাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আলহাজ হবিব উল্লাই নিজৰ মেধা, দক্ষতাৰ বাবেই ৰাষ্ট্ৰীয় মানৰ বেংকৰ বিষয়া হিচাবে নিযুক্তি লাভ কৰিছিল ৷ইংৰাজী বিষয়ত যথেষ্ট জ্ঞান থকা আলহাজ হবিব উল্লাই যি কোনো ৰাজহুৱা অনুষ্ঠানৰ জটিল সমষ্যা নিজৰ সাৱলীল বক্তব্যৰে সমাধানৰ পথ উলিয়াবলৈ সক্ষম হৈছিল ৷ আনহাতে অৱসৰৰ পিছতো নিজৰ দক্ষতাৰ বাবেই কংগ্ৰেছৰ আমোলত সংখ্যালঘু উন্নয়ন পৰিষদৰ চেয়াৰমেন হিচাবে দায়িত্ব ভাৰ চম্ভালিছিল৷ সৰাগুৰি চাপৰিস্থিত আজানপীৰ দৰগাহৰ সামগ্ৰীক বিকাশ-উন্নয়নৰ বাবে আমূত্য সেৱা আগবঢ়াই যোৱা আলহাজ হবিব উল্লাহ আছিল নৱ গঠিত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উপদেষ্টা৷ এটা সপ্তাহৰ পুৰ্বে ৰক্ত চাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ছয় মাইলস্থিত এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ ইতিমধ্যে চিকিৎসালয়ৰ যাৱতীয় সকলো কাম কাজ সম্পন্ন হৈ যোৱাৰ পিছতেই নিশা প্ৰায় ১০ বজাত মৃতদেহ সহ পৰিয়ালৰ লোকে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা হব বুলি জানিব পৰা গৈছে৷ স্মৰ্তব্য যে নিজৰ দক্ষতা আৰু নিকা ভাৱমূৰ্তিৰ বাবেই শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰো সভাপতি, সম্পাদকৰ দৰে গুৰু দায়িত্ব দুটা কাৰ্য্যকালৰ বাবে নিয়াৰিকৈ চম্ভালিছিল ৷ ইহসংহাৰত পত্নী, দুগৰাকী জীয়াৰী, এজন পুত্ৰ সহ এটা বৃহত পৰিয়াল ইহসংহাৰত এৰি যোৱা আলহাজ হবিব উল্লাহৰ জানাজাৰ সময় এতিও নিৰ্ধাৰণ হোৱা নাই যদিও কাইলৈ বিয়লিৰ ভাগত সম্পন্ন হব বুলি পৰিয়ালৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে৷ তেওঁৰ মৃত্যুত আজানপীৰ দৰগাহ পৰিচালনা সমিতি, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ দ্বিনী মাদ্ৰাছা পৰিচালনা সমিতিকে ধৰি বহু অনুস্থান প্ৰতিষ্ঠানে গভীৰ শোঁক প্ৰকাশ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like