নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুলাই, আহাৰ মাহৰ ২২ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্রঃ পূর্বভাদ্র, যাত্রাঃ নাই

মেষঃ আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ শত্রুৰ পৰা সাৱধানে থাকক৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

বৃষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

মিথুনঃ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ ব্যৱসায়িক দিশত ভাল ফল দেখা যায়৷ কর্মদিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা৷ ৰঙা ৰং শুভ৷ শুভ সংখ্যা ২৷

কর্কটঃ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলৈ থকা ধন ঘূৰাই পাব৷ নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়৷ শুভ ৰং মাটীয়া, শুভ সংখ্যা ৪৷

সিংহঃ অচিনাকি ব্যক্তিৰে কোনোধৰণৰ কাম আৰম্ভ নকৰিব৷ বিপদ হ’ব৷ ব্যৱসায়িক দিশত শুভ ফল৷ শুভ ৰং ছাই, শুভ সংখ্যা ৬৷

কন্যাঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে৷ কর্মত খ্যাতি বৃদ্ধিৰ যোগ৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৩৷

তুলাঃ কর্মত মজলীয়া প্রভাৱ৷ নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ শুভ ৰং মাটীয়া, শুভ সংখ্যা ১৷

বৃশ্চিকঃ বন্ধু–বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷

ধনুঃ পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা–দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷

মকৰঃ অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভফল৷ গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷

কুম্ভঃ সম্পত্তিক লৈ সমস্যা হ’ব পাৰে৷ আনক সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব৷ সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১৷

মীনঃ চাকৰিৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন যোগ আহিব পাৰে৷ আপোনাৰ ব্যৱহাৰে আপোনাক সন্মানিত কৰাব৷ শুভ ৰং মাখন, শুভ সংখ্যা ২৷

You might also like