নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্য দায়িত্বপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়াৰ তিনিদিনীয়া প্ৰশিক্ষণত মন্ত্ৰী যোগেন মহন

🔹 ভূমি সম্পৰ্কীয় সমস্যা সমাধানত আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ৯ জুলাই : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৮ জুলাইত গুৱাহাটী খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সদ্য দায়িত্বপ্ৰাপ্ত ৫৩জন ৰাজহ চক্ৰ বিষয়াৰ (অসম অসামৰিক সেৱা আৰু অসম ভূমি আৰু ৰাজহ সেৱাৰ বিষয়া) তিনিদিনীয়া প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী মহনৰ উপৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, ডি এল আৰ শান্তনু পি গটমৰে আৰু সমল ব্যক্তি হিচাপে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া নজৰুল ইছলাম আৰু অৱসৰপ্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া অতুল দত্ত ভূঞাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহি প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজহ চক্ৰ বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰী মহনে কয় যে ৰাজ্যত বৰ্তমান মিছন বসুন্ধৰাৰ কাম পূৰ্ণগতিত চলি আছে আৰু এই মিছন বসুন্ধৰাৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিব লাগে। ইয়াৰ সমান্তৰালভাৱে ৰাইজৰ সেৱাৰ স্বাৰ্থত মন্ত্ৰী মহনে ভূমি সম্পৰ্কীয় সকলো বিষয় নিখুঁতভাৱে আয়ত্ত কৰিবলৈ ৰাজহ চক্ৰ বিষয়াসকলক আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত ৰাজহ চক্ৰ বিষয়াসকলক ভূমি, ৰাজহ আদিৰ লগতে ভূমি বিবাদ নিষ্পত্তি সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন্ত্ৰী মহনে ৰাজহ চক্ৰ বিষয়াসকলক সৰ্বসাধাৰণ ৰাইজ তথা দুখীয়া লোকসকলৰ ভূমি সম্পৰ্কীয় সমস্যা আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ৰাজহ চক্ৰ বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰী মহনে সীমিত আৰু কম সময়ত অধিক সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আগন্তুক দিনত পুনৰ নতুনকৈ দায়িত্বপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়াসকলক এনেধৰণৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ দ্বাৰা প্ৰশিক্ষিত কৰা হ’ব বুলি মন্ত্ৰী মহনে জানিবলৈ দিয়ে।

You might also like