নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ভূমিস্খলন : বান্দৰদেৱা-ইটানগৰ সংযোগী ঘাইপথেৰে যাতায়াত বন্ধ

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত এসপ্তাহে একেৰাহে দি থকা মুষলধাৰ বৰষুনৰ ফলত বান্দৰদেৱাৰ পৰা ইটানগৰলৈ যোৱা পথটো খহি যাতায়াত ব্যাহত হৈ পৰা। জানিব পৰা মতে চুবুৰীয়া ৰাজ্যৰ  অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ যোৱা এক মাত্ৰ ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ ডিক্ৰং নদীত খহি পৰাৰ ফলত পুৱাৰে পৰা আজি স্থল পথেৰে যাতায়াত ব্যাহত আছে ৷ আজি ৰাজধানী ইটানগৰ জিলা উপায়ুক্ত টালু পুটুমে  জনাই যে নেৰানেপেৰা বৃষ্টি হৈ থকাৰ ফলত কাচিংছা নামৰ ঠাইত  বান্দৰদেৱা-ইটানগৰ সংযোগী ৪১৫নং ৰাষ্ট্ৰীয়  ঘাই পথছোৱাৰ বৃহৎ ডিক্ৰং নদীত খহি পৰে ৷  ফলত যাতায়ত বন্ধ হোৱাৰ লগতে ৰাইজৰ নিৰাপত্তা বাবে বান্দৰদেৱা-ইটানগৰ পথেৰে আহ-যাহ বন্ধ কৰি দিছে ইটানগৰ জিলা প্ৰশাসনে৷ বান্দৰদেৱাৰ পৰা হাৰমতী হৈ দুইমুখ পথেৰে ইটানগৰৰ যাবলগীয়া যাত্ৰীসকলৰ লগতে যানবাহন চলাচল কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা আজি  নিৰ্দেশ জাৰি কৰিছে ৷
প্ৰেৰক মুকুল ভূঞা
You might also like