নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ যাত্ৰীসহ মাজ আকাশত অন্তৰ্ধান হেলিকপ্টাৰ

বিশেষ বাৰ্তা, ১১ জুলাই : নেপালৰ আকাশত হেলিকপ্টাৰ অন্তৰ্ধান। ছয়জন যাত্ৰীসহ উৰণৰ কিছু সময়ৰ পাছতে ৰাডাৰৰ পৰা হেলিকপ্টাৰখন অদৃশ্য হৈ পৰে। বহু সময় পাৰ হৈ যায় যদিও হেলিকপ্টাৰখনৰ সন্ধান পোৱা হোৱা নাই। জানিব পৰা মতে, সোলুখুম্বুৰ পৰা কাঠমাণ্ডু অভিমুখে গৈ আছিল হেলিকপ্টাৰখন। যাত্ৰাপথত বিমানখনৰ সৈতে সকলো যোগাযোগ নোহোৱা হৈ পৰে। হেলিকপ্টাৰখনত মুঠ ছয়জন লোক আছিল। পাইলটৰ বাহিৰে পাঁচোজন যাত্ৰী বিদেশী। স্থানীয় সময় অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ১০ বজাত উৰা মাৰে হেলিকপ্টাৰখন। ১২ মিনিটৰ পিছতে মাউণ্ট এভাৰেষ্টৰ কাষত হেলিকপ্টাৰখনৰ সৈতে সকলো যোগাযোগ হেৰাই যায়। নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এক টুইটযোগে হেলিকপ্টাৰখন নিৰুদ্দেশৰ খবৰ প্ৰকাশ কৰিছে। জ্ঞানেন্দ্ৰ ভুল নামৰ এজন বিষয়াই কয়- “উৰণৰ ১২ মিনিটৰ ভিতৰতে হেলিকপ্টাৰখনে কণ্ট্ৰল টাৱাৰৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।” ইতিমধ্যে আন এখন হেলিকপ্টাৰেৰে নিখোজ হেলিকপ্টাৰখনৰ সন্ধান অব্যাহত আছে। কাঠমাণ্ডুৰ পৰা উদ্ধাৰকাৰী হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে যদিও এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

You might also like