🔴 কেইবাখনো আগশাৰীৰ সংবাদ পত্রত প্রুফ ৰীডাৰ হিচাপে আগবঢ়াইছিল সেৱা
🔴 দিছপুৰ প্রেছ ক্লাব–গুৱাহাটী প্রেছ ক্লাব–বার্তাজীৱী সংঘৰ শোক প্রকাশ
বিশেষ বাৰ্তা, ১৪ জুলাই : বিগত তিনিটা দশক ধৰি ৰাজ্যৰ সাংবাদিকতাৰ ক্ষেত্রখনলৈ সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক অনুপম নাথৰ আজি বিয়োগ ঘটে ৷ গোৱালপাৰাৰ দুধনৈৰ সাৰাপাৰা গাঁৱৰ নিজা বাসগৃহত তেওঁ পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত সাংবাদিকগৰাকীৰ বয়স হৈছিল ৪৭ বছৰ ৷ উল্লেখ্য যে বিগত ৪ মাহ ধৰি জ্যেষ্ঠ সাংবাদিকগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ আছিল ৷ যোৱা ১৫ মার্চত ভেটাপাৰাস্থিত বাসগৃহত তেওঁক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ পৰৱর্তী সময়ত অনুপম নাথক হেলথ চিটী হাস্পতালত ভর্তি কৰোৱা হয়৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নঘটাত পুনৰ হেলথ চিটী হাস্পতালৰ পৰা আয়ুৰচন্দ্র হাস্পতালত ভর্তি কৰোৱা হয় ৷ এনেদৰে প্রায় আঢ়ৈ মাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ অৱশ্যে ঘৰলৈ লৈ গ’লেও অনুপম নাথৰ শাৰীৰিক অৱস্থা সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাছিল ৷ তেতিয়াৰ পৰাই বিছনাই তেওঁৰ সংগী হৈ পৰিছিল ৷ দীর্ঘদিনীয়া এই অসুস্থতাৰ পিছত আজি পুৱা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ গোৱালপাৰাৰ সাৰাপাৰা গাঁৱত ১৯৭৬ চনত জন্মগ্রহণ কৰা অনুপম নাথে কাৰিপাৰা হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়৷ ইয়াৰ পিছতে পৰিয়াল পোহপাল দিয়াৰ বাবে তেওঁ গুৱাহাটীলৈ আহি কাম কৰিবলৈ আৰম্ভ কৰে৷ গুৱাহাটীলৈ আহি সংবাদ মাধ্যমত কাম কৰাৰ সমান্তৰালকৈ বেলতলাৰ বনগাঁও মহাবিদ্যালয়ৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৯২ চনত নতুন দৈনিক নামৰ কাকতত তেওঁৰ কর্মজীৱন আৰম্ভ হয়৷ ইয়াৰ পিছত তেওঁ আন কেইবাখনো আগশাৰীৰ সংবাদ পত্রত প্রুফ ৰীডাৰ হিচাপে সেৱা আগবঢ়ায়৷ নতুন দৈনিকৰ পিছত দৈনিক অগ্রদূত কাকতত তেওঁ দুবছৰৰ বাবে সেৱা আগবঢ়ায়৷ পৰৱর্তী সময়ত দৈনিক বাতৰি আৰু এদিনৰ সংবাদতো প্রুফ ৰীডাৰ হিচাপে তেওঁ কাম কৰে৷ ‘নিয়মীয়া বার্তা’ কাকতৰ জন্মলগ্ণৰে পৰা তেওঁ জড়িত আছিল৷ ২০১১ চনত ‘নিয়মীয়া বার্তা’ কাকতত জ্যেষ্ঠ প্রুফ ৰীডাৰ হিচাপে যোগদান কৰে৷ তেতিয়াৰ পৰাই ‘নিয়মীয়া বার্তা’ত নিষ্ঠাসহকাৰে তেওঁ দায়িত্ব পালন কৰিছিল৷ যোৱা ১৩ মার্চত তেওঁ শেষবাৰৰ বাবে ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত নিজৰ কর্তব্য পালন কৰিছিল৷ তিনিটা দশক ধৰি আগবঢ়োৱা সেৱাৰ সময়ত তেওঁ দেখুওৱা নিষ্ঠা আৰু একাগ্রতাৰ বাবে সুখ্যাতি লাভ কৰিছিল৷ অত্যন্ত দায়িত্বসহকাৰে নিজৰ কর্ম সম্পাদন কৰি প্রতিখন সংবাদ পত্রতে তেওঁ নিজৰ সুখ্যাতি ৰচি থৈ গৈছিল৷ তেওঁৰ মৃত্যুত স্বাভাৱিকতে সংবাদ জগতখনত শোকৰ ছাঁ পৰিছে৷ আজি বিয়লিৰ ভাগত জন্মস্থান সাৰাপাৰাতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ ইফালে, অনুপম নাথৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে গুৱাহাটী প্রেছ ক্লাবে৷ এক শোক বার্তাত গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি সুষ্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে শাৰীৰিক অসুস্থতাত ভুগি থকা নাথে ১৯৯২ চনত নতুন দৈনিক কাকতত প্রুফ ৰীডাৰ পদত নিযুক্তি লাভ কৰি দৈনিক বাতৰি, অগ্রদূত, এদিনৰ সংবাদ আদিকে ধৰি মৃত্যুৰ সময়লৈকে ‘নিয়মীয়া বার্তা’ কাকতত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব৷ ইফালে, জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত দিছপুৰ প্রেছ ক্লাবেও শোক প্রকাশ কৰিছে৷ এক শোক বার্তাত দিছপুৰ প্রেছ ক্লাবৰ সম্পাদক কুঞ্জমোহন ৰায়ে অনুপম নাথৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত অসম বার্তাজীৱী সংঘয়ো শোক প্রকাশ কৰিছে৷ এক শোক বার্তাত বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শর্মাই কয়– ‘দীর্ঘ সময় বাতৰি কাকতৰ সাংবাদিক হিচাপে কর্মৰত ‘নিয়মীয়া বার্তা’ৰ সাংবাদিক অনুপম নাথৰ আজি পুৱা দেহাৱসান ঘটাত মর্মাহত হৈ পৰিছোঁ৷ তেওঁৰ মৃত্যুত পৰিয়ালৰ শোকৰ সমভাগী হোৱাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ সুদীর্ঘ সময় সংবাদ জগতত নিষ্ঠা সহকাৰে সেৱা আগবঢ়োৱা নাথৰ মৃত্যু সংবাদ জগতৰ বৃহৎ ক্ষতি বুলি আমি অনুভৱ কৰিছো৷’ ইফালে, জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত আজি ‘নিয়মীয়া বার্তা’ৰ কার্যালয়তো এখন শোকসভা অনুষ্ঠিত কৰা হয়৷ কার্যালয়ত অনুষ্ঠিত শোকসভাত অংশগ্রহণ কৰি ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই কয় যে অনুপম নাথৰ বিয়োগ কেৱল ‘নিয়মীয়া বার্তা’ কাকতৰ বাবেই নহয়, সমগ্র সংবাদ জগতৰ বাবেই ক্ষতি৷ কাকতখনত কর্মৰত হৈ থকা সময়ত নিষ্ঠাসহকাৰে নাথে আগবঢ়োৱা সেৱাৰো তেওঁ স্মৰণ কৰে৷ সভাৰ অন্তত এক মিনিট সময় মৌন প্রার্থনাৰে অনুপম নাথৰ বিদেহ আত্মাৰ সদগতি কামনা কৰা হয়৷ মৃত্যুৰ সময়ত মাতৃ, পত্নী আৰু এটি পুত্র সন্তানসহ বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি যায়৷