বিশেষ বাৰ্তা, ১৬ জুলাই : নগাঁও আৰক্ষীয়ে আজি কেইবাদিন ধৰি ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে যোৱানিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইজন হ’ল নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰমাৰীৰ মুছলিম উদ্দিন (৩৯), আমিনপট্টিৰ মণিৰুল ইছলাম (৩৫), আব্দুল হানিফ (৪৩), মহখুলিৰ আদম আলী (৪৩) আৰু তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তেজপুৰ পুলিচ লাইনৰ দাউড আমিন পাঠান (৩৯)। আৰক্ষীয়ে তেওঁলোকৰ পৰা ২০,১০০টা কেপছুল আৰু ৫০০ ছিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক কনক হাজৰিকা