নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত তিনি ড্ৰাগছ আসক্তসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ১৬ জুলাই : তৈলনগৰী দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ বেহা। আৰক্ষীৰ কঠোৰ অভিযানত ড্ৰাগছৰ সৈতে জড়িত কেইবাটাও দুষ্টচক্ৰ ইতিমধ্যে জালত পৰিছে । দুলীয়াজান থানাৰ পৰিদৰ্শক বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত আজি আৰক্ষীৰ দলে চলোৱা ড্ৰাগছবিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ আসক্ত আৰু এটা ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত নাওহলীয়া মধুটিং পথত এখন স্কুটী লৈ তিনিজন যুৱকে আন এজন যুৱকৰ পৰা ড্ৰাগছৰ টোপোলা ক্ৰয় কৰা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে। ধৃত ড্ৰাগছ আসক্ত ক্ৰমে বৰপথাৰ অঞ্চলৰ অভিজিত গগৈ ওৰফে চুমু (২০), ২নং নাওহলীয়াৰ অৰুণ গোহাঁই (২০), ২নং মধুটিঙৰ সঞ্জু লিম্বু (২২)সহ ড্ৰাগছ সৰবৰাহকাৰী বৰডুমছা ঊষাবামৰ শংকৰ বৰাইক (২৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ধৃত অভিযুক্তৰ পৰা স্কুটীসহ ০.৭৩ গ্ৰাম হেৰ’ইন আৰু দুটা ছিৰিঞ্জ জব্দ কৰিছে আৰক্ষীয়ে। 
প্ৰেৰক কৃষ্ণা গগৈ
You might also like