নিয়মীয়া বাৰ্তা, ১৭ জুলাই : সমগ্ৰ শিৱসাগৰ চহৰ অঞ্চলত বিগত ২৪ ঘন্টা ধৰি দিখৌ নদীৰ বলীয়া বানক লৈ আতংকৰ সৃষ্টি হৈ থকাৰ মাজতেই নগৰৰ মাজমজিয়াৰ দৰবাৰ ৰোড চুকৰ গাও তিনি আলিত যোৱা কালি সন্ধিয়া প্ৰায় ৯ মান বজাত এক চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হয় ৷মাত্ৰ এঘন্টাৰ বাবে গৃহস্থ সমীপৰে এগৰাকী আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তেই সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিৰ ঘটনা ৷শিৱসাগৰ সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত সংঘটিত এই দূ- সাহসিক চুৰিৰ ঘটনাক লৈ সমগ্ৰ শিৱসাগৰ চহৰ খনতেই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অত্যন্ত ঘন জন বসতি পুৰ্ণ অঞ্চলটোত আৰক্ষীৰ নিৰন্তৰ পহৰাৰ মাজতেই সংঘটিত চুৰিক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷শিৱসাগৰ আৰক্ষীৰ কঠোৰ পহৰা আৰু শূণ্য সহনশীল নীতিক বুঢ়া আঙুলি দেখুৱাই চোৰৰ দলে নগদ কেইবা লাখ টকাৰ লগতে পৰিয়ালটোৰ সকলো সোণৰ আ- অলংকাৰ লুটি নিবলৈ সক্ষম হয় ৷প্ৰাপ্ত বাতৰি মতে দৰবাৰ ৰোড চুকৰ গাঁৱৰ নিবাসী তথা উদীয় যুৱ হাৰ্ডৱেৰ ব্যৱসায়ী আব্দুল কৰিমে কালি নিশা নিকটৱৰ্তী যমুনা ৰোডত থকা এগৰাকী ভগ্নীৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷নিজৰ কনিষ্ঠ ভাতৃ আব্দুল ৰেকিবৰ সৈতে একেটা গৃহতে বাস কৰা দুই ভাতৃয়ে পত্নী, সন্তান সহিতে নিশা প্ৰায় ৯ বজাত ঘৰৰ পৰা দুখন বাইকেৰে ওলাই গৈছিল ৷প্ৰায় এঘন্টাৰ ভিতৰতেই দুয়োটি পৰিয়াল নিজ গৃহলৈ ঘুৰি অহাৰ পিছতেই ঘৰৰ বাৰান্দাৰ লাইট নুমাই থকা প্ৰতক্ষ্য কৰে ৷যাওতে ঘৰৰ মূল দৰ্জা তলা মাৰি লাইট জ্বলাই থৈ যোৱা আব্দুল কেৰিমৰ পত্নীয়ে বাইকৰ পৰা নামিয়েই মূল দৰ্জা খুলিবলৈ গৈ থমকি ৰব লগীয়া হয় ৷কিয়নো বাহিৰ ফালৰ পৰা দৰ্জা লক কৰি থোৱাৰ পিছতো হৰ্ঠাত দৰ্জাখনৰ লক খোলাৰ সময়ত ভিতৰ ফালে বন্ধ থকা প্ৰতক্ষ্য কৰি সন্দেহ বশত আন এটা দিশেদি ভাল দৰে পৰ্য্যবেশন কৰাত এটা কোঠাৰ দৰ্জা আৰু গডৰেজৰ লক ভঙা দেখিবলৈ পাই চুৰি হোৱা বুলি চিঞৰ বাখৰ কৰে ৷লগে লগেই দুই ভাতৃৰ লগতে স্থানীয় ৰাইজে গৃহটোত প্ৰৱেশ কৰি ভাল দৰে পৰীক্ষা কৰাত গৃহটোৰ সমুদায় মূল্যবান সোণৰ আ- অলংকাৰৰ লগতে সোমবাৰে বেংকত জমা দিবলৈ ঘৰত থোৱা হাৰ্ডৱেৰ দোকানৰ সমুদায় বিক্ৰিৰ ধন চোৰৰ দলটোৱে লুটি লৈ যায় ৷ঘটনাৰ পিছতেই নিশাই স্থানীয় ৰাইজৰ সহযোগত চোৰৰ সন্ধান চলোৱাৰ ওপৰিও মৌখিক ভাৱে শিৱসাগৰ আৰক্ষীক অৱগত কৰি পুৱাৰ ভাগত আব্দুল কেৰিমে সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ইতিমধ্যে সদৰ আৰক্ষীৰ দল আৰু উচ্চ পদস্থ আৰক্ষী বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি জোৰ দাৰ তদন্ত আৰম্ভ কৰি সন্দেহ বশত দুজন যুৱকক আটক কৰিছে যদিও বাতৰি লিখা পৰলৈকে নগদ ধন অথবা প্ৰকৃত চোৰৰ সম্ভেদ ওলোৱা নাই ৷আনহাতে পৰিয়ালৰ এক সুত্ৰই দুমহলীয়া বাস গৃহটোৰ চাদৰ ওপৰেৰে আহি চোৰৰ দলে গৃহটোত প্ৰৱেশ কৰাৰ সন্দেহ কৰাৰ লগতে বাস গৃহটোৰ আও ভাও বুজি পোৱা ব্যক্তিৰ দ্বাৰাই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ইফালে দিনক দিনে শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত চোৰৰ অতপালি বৃদ্ধি পোৱাৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ৷সচেতন ৰাইজে শিৱসাগৰ আৰক্ষীৰ কঠোৰ স্থিতি কামনা কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান