বিশেষ বাৰ্তা, ১৭ জুলাইঃ আজি নগাঁৱত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল শিক্ষা বিভাগৰ এজন কৰ্মচাৰী। ধন উৎকোচ লোৱাৰ অপৰাধত হাত দাঙিলে নগাঁও জিলা শিক্ষা বিভাগৰ কৰ্মচাৰীজনে। এগৰাকী শিক্ষকৰ পৰা পাঁচ হেজাৰ টকা উৎকোচ লওঁতে নগাঁৱৰ লাওখোৱা শিক্ষা খন্ডৰ কনিষ্ঠ সহায়ক বিপুল মেঁচক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই ৷ নগাঁও চহৰৰ জয়শ্ৰী হল চাৰিআলিত হাতে লোটে গ্ৰেপ্তাৰ কৰে কৰ্মচাৰী মেচক ৷ উক্ত কৰ্মচাৰী জন আটক হোৱাৰ লগে লগে নগাঁও জিলা শিক্ষা বিভাগত লাগিছে হাহাকাৰ। জানিব পৰা মতে ধৃত কৰ্মচাৰীজনে লাওখোৱা শিক্ষা খন্ডত ধন ঘটাৰ বেহা মেলিছিল। খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অতি ঘনিষ্ঠ বুলি পৰিচিত কনিষ্ঠ সহায়ক বিপুল মেচৰ শেহতীয়াকৈ দৌৰাত্ম বৃদ্ধি পাইছিল। বহু শিক্ষকে বিপুল মেচৰ দৌৰাত্মৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল। শিক্ষক বদলিকৰণৰ নামত শিক্ষকৰ পৰা ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ আছে বিপুল মেচৰ বিৰুদ্ধে। প্ৰায়ে কাৰ্যালয়লৈ নোযোৱা কনিষ্ঠ সহায়কজনে নগাঁও চহৰৰ বিভিন্ন স্থানত বাহৰ পাতি শিক্ষকৰ পৰা উৎকোচৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ শিক্ষকৰ মুখে মুখে চলি আহিছে। উল্লেখযোগ্য যে মূখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ দলে যোৱা পহিলা এপ্ৰিলত লাওখোৱা আৰু জুৰীয়া শিক্ষা খন্ডত অভিযান চলাই ইউনিফৰ্ম আৰু বাৰ্ষিক মঞ্জুৰী শিতানৰ পূঁজিৰ খেলিমেলিৰ তদন্ত কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভিজিলেন্সে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে আজি লাওখোৱা শিক্ষা খণ্ডৰ এগৰাকী কৰ্মচাৰী উৎকোচ ল’বলৈ গৈ হাত দাঙিবলগীয়া হোৱা ঘটনাই নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁও জিলা শিক্ষা বিভাগৰ এক সুত্ৰই জনোৱা মতে বিপুল মেছ নামৰ এই কৰ্মচাৰীজন গোলাঘাট জিলাত কৰ্মৰত হৈ থকা সময়ত নিলম্বনৰ হৈছিল। পিছত নিলম্বন প্ৰত্যাহাৰ হোৱাৰ পাছত নগাঁৱৰ লাওখোৱা শিক্ষা খণ্ডলৈ বদলি হৈ আহি দুৰ্নীতিৰ পোহাৰ মেলে।
প্ৰেৰক কনক হাজৰিকা