নিয়মীয়া বাৰ্তা, ১৭ জুলাই : বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূৱ লাঠিমাৰীত আজি বনকৰ্মী আৰু বেদখলকাৰীৰ আক্ৰমণ প্ৰত্যাক্ৰমণত দুটা পক্ষৰ কেবাজনো লোক হতাহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, উন্মত্ত বেদখলকাৰীক প্ৰতিহত কৰাৰ ভাবে বনৰক্ষীৰ দলে গুলী চালনা কৰিব লগা হোৱাত চাৰিজনকৈ লোক আহত হোৱাৰ লগতে বনৰক্ষীৰ গুলীত এগৰাকী মহিলা নিহত হয়। অভয়াৰণ্যখনৰ উচ্ছেদিত ভূমিত পুনৰ অনাধিকাৰ প্ৰৱেশ কৰি ঘৰ বনাই বসবাস কৰাৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি বন কৰ্মী আৰু স্থানীয় একাংশ লোকৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে। আজি পুৱা বন বিভাগৰ এটা দলে বন ভূমিত অবৈধ ভাবে বাসস্থান বনোৱা লোক সকলক বন ভূমি এৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ লোক। উন্মত্ত হৈ পৰা একাংশ লোকে চিতলমাৰী বন শিবিৰত আক্ৰমণ কৰি শিবিৰটো লণ্ড ভণ্ড কৰাৰ লগতে বন কৰ্মী আৰু বনৰক্ষী সকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। বেদখল কাৰীৰ দলটোৰ আক্ৰমণত আব্দুল ৱাহিদকে ধৰি কেইবাজনো বনৰক্ষী আহত হোৱাৰ লগতে জিলা বন বিষয়া জয়ন্ত ডেকাকো দলটোৱে আক্ৰমণৰ চেষ্টা চলায়। বনৰক্ষীৰ দলটোৱে আক্ৰমনকাৰী দলটোক চত্ৰভংগ দিয়াবলৈ শূণ্যলৈ গুলী চলাই যদিও পৰুষ,-মহিলা সন্মিলীত দলটোৱে দা-যাঠিৰে পুনৰ আক্ৰমণ কৰাত উপায়ন্তৰ হৈ বনৰক্ষীৰ দলটোৱে গুলী চালনা কৰাত পাঁচ গৰাকী লোকৰ দেহত গুলী লাগে। এই গুলীচালনাৰ ঘটনাত স্থানীয় আহমদ আলী, ৰমজান আলী, ৰহিমা খাতুন, ছমছেৰ আলী আৰু ফাতেমা খাতুনৰ লোক কেইজন আহত হয়। ইয়াৰে ৰহিমা খাতুন নামৰ মহিলা গৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। উল্লেখযোগ্য যে অবৈধ ভাবে পুণৰ উচ্ছেদিত ভুমিত বাসস্থান বনোৱাৰ বাবেই আজিৰ এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি বন বিভাগে দাবী কৰা এনে ভাষ্যৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলতেই ওখ ঠাই বিছাৰি বন ভূমিত আশ্ৰয় লোৱা বুলিহে মন্তব্য কৰে একাংশ বেদখল কাৰীয়ে। লগতে উচ্ছেদিত একাংশ লোকে দাবী কৰা মতে, বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱাৰ বাবে বিশেষকৈ পশুধনৰ আশ্ৰয়ৰ ক্ষেত্ৰত শেহতীয়াকৈ বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। যাৰ বাবে পশুধনৰ আশ্ৰয়ৰ বাবে ওখ ঠাইত টিৰ্পালেৰে গোহালি ঘৰ বনাইছিল। এই গোহালি ঘৰটোকে বন বিভাগে বনভুমি পুণৰ বেদখল কৰি বাসস্থান বনোৱাৰ মিছা অভিযোগক লৈ দুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ বাবে আজিৰ এনে অঘটনটো সংঘটিত হোৱা বুলি একাংশ স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। ইপিনে, বনৰক্ষীৰ গুলীত আহত সকলক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে নিহত মহিলা গৰাকীক মৰনোত্তৰ পৰীক্ষাৰ বাবেও নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰেৰক নাজিম আহমেদ