নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ অসম চৰকাৰৰ অধীনস্থ লাভজনক গেছভিত্তিক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছৰ অংশীদাৰিত্বত গঢ় লৈ উঠা পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আজি গুৱাহাটীস্থিত কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে অসম গেছ কোম্পানীৰ মহাপ্ৰৱন্ধক মনোজ কুমাৰ বৰুৱাই। উল্লেখযোগ্য যে এইগৰাকী দক্ষ বিষয়াই জামছেদপুৰ NITৰ পৰা মেকানিকেল বিভাগত অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰি ১৯৮৯ চনত অসম গেছ কোম্পানী লিমিটেডত GET হিচাপে যোগদান কৰে । পাছলৈ অতি কম সময়ৰ ভিতৰতে নিজৰ একাগ্ৰতা, কৰ্মনিষ্ঠতা আৰু দক্ষতাৰ বলত কোম্পানীৰ মহাপ্ৰৱন্ধক (Gas Marketing Business) পদলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ অসম গেছ কোম্পানীৰ ব্যৱসায়িক অগ্ৰগতিৰ দিশত মাইলৰ খুঁটি ৰূপে চিহ্নিত হোৱা বৃহৎ বৃহৎ পাইপলাইন প্ৰকল্প আঁচনিৰ প্ৰাৰম্ভিক প্ৰস্তুতি পৰ্বৰ পৰা এই সমূহ প্ৰজেক্ট সফল ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকাৰে কোম্পানীলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে বৰুৱাই। লক্ষণীয় যে বিভিএফচিএল পুৰ্নগঠন (Revamp) প্ৰকল্প পাইপ লাইন, এমপিজিজি পাইপ লাইন, তিনিচুকীয়া টী গেছ গ্ৰীড প্ৰকল্প পাইপ লাইন, ডি এল এফ প্ৰকল্প পাইপ লাইন, যোৰহাট টী গেছ গ্ৰীড প্ৰকল্প পাইপ লাইন, ডি এন পি এল প্ৰকল্প পাইপ লাইন উপৰি সদ্য সমাপ্ত এনজিএন প্ৰকল্প পাইপলাইন আদি মুখ্য প্ৰকল্পসমূহৰ পাইপলাইন ডিজাইন আৰু সংস্থাপনৰ সফল ৰূপায়ণত মনোজ বৰুৱাৰ উৎকৃষ্ট চিন্তণ আৰু কাৰিকৰী দক্ষতা অপৰিসীম। তদুপৰি ঘৰুৱা গেছ গ্ৰীডসমূহৰ তদাৰকী আৰু ঘৰুৱা তথা ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগিছা আদিলৈ খৰতকীয়াকৈ গেছৰ যোগান ধৰাৰ ক্ষেত্ৰতো বিষয়া গৰাকীৰ কৰ্মনৈপূণ্যতা বিদ্যমান। আনহাতে HDPE, MDPE আৰু CS গেছ পৰিবাহী পাইপলাইনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত মনোজ কুমাৰ বৰুৱাৰ সৱল নেতৃত্বতে ২০১৯ চনৰ আগষ্ট মাহত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অসমৰ প্ৰথমটো চি এন জি মাডাৰ ষ্টেচনৰ সফল ৰূপায়ণ সম্ভৱ হৈছিল। শেহতীয়াকৈ এইগৰাকী দক্ষ বিষয়াৰ নেতৃত্বত অসম গেছ কোম্পানীয়ে হাতত লোৱা গেছ গ্ৰীড প্ৰকল্পৰ পাইপলাইন আঁচনি আৰু ডিজাইনৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হৈছে।বিভাগীয়ভাৱে দক্ষ আৰু বহু কৰ্ম অভিজ্ঞতাৰে অভিজ্ঞপুষ্ট মনোজ কুমাৰ বৰুৱাই পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডকো অধিক প্ৰাণৱন্ত আৰু গতিশীল কৰি তুলিবলৈ সক্ষম হ’ব বুলি আশাবাদী। অসম গেছ কোম্পানীৰ এইগৰাকী বিষয়াৰ সাফল্যত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ বলীন চেতীয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, এম ডি গকুলচন্দ্ৰ স্বৰ্গীয়াৰী, সঞ্চালক ধীৰেন সন্দিকৈ সহ সমূহ বিষয়া-কৰ্মচাৰী লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্ত্তন গোস্বামী, ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্হাৰ সভাপতি জিতু শইকীয়া, জিলা তাই আহোম ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক ৰূপম গগৈ সহ অন্যান্য দল-সংস্থাই অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰেৰক কৃষ্ণা গগৈ