নিয়মীয়া বাৰ্তা, ১৭ জুলাই : গুজৰাটৰ বিতৰ্কিত বিধায়ক জিগনেশ মেৱানী গুৱাহাটী আহি থকা পথত তেওঁৰ বাহনখন আজি সন্ধিয়া দু্ৰ্ঘটনাত পতিত হয়। চাংসাৰি থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰ টোলগেটৰ সমীপত বিধায়কগৰাকীৰ ডি এল-৭ চি এএল-৭৭৭৭ নম্বৰৰ বাহনখন দু্ৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে বাহনখনৰ সন্মুখৰ ভাগ যথেষ্ট ক্ষতি হৈছে যদিও বিধায়কগৰাকীৰ লগতে বাহনখনত থকা কোনো লোকৰে জখম হোৱা নাই। উল্লেখ্য যে পূৰ্বৰ এটা গোচৰত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ হৈছিল বিধায়কগৰাকী। ইয়াৰ পাছতে বৰপেটাৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়৷ বিধায়ক জিগনেশ মেৱানীৰ বাহনৰ সন্মুখত এটা গৰু আহি পৰাৰ সময়তে বাহনখন দুৰ্ঘটনাৰ সন্মুখীন হয় ৷
প্ৰেৰক অনুভৱ কুমাৰ