নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰৰ পুঞ্চত নিশাৰ সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী

বিশেষ বাৰ্তা, ১৮ জুলাই : সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীৰ নিশাৰ অভিযানত চাৰি উগ্ৰপন্থী নিহত হয়। গোপন সূত্ৰে পুঞ্চৰ সিন্ধাৰা অঞ্চলত কেইবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ তথ্য সেনাই লাভ কৰে। সেই তথ্য লাভ কৰাৰ পাছতে যুটীয়া বাহিনীটোৱে সোমবাৰে নিশা প্ৰায় ১১:৩০ বজাত অঞ্চলটোত তালাচী অভিযান চলায়। নিশাৰ আন্ধাৰত উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ অত্যাধুনিক কেমেৰা, ড্ৰোন ব্যৱহাৰ কৰা হয়। যৌথ বাহিনীয়ে তালাচী চলাই থকাৰ সময়তে সিন্ধাৰা অঞ্চলত গুলীচালনা আৰম্ভ কৰে উগ্ৰপন্থীয়ে। সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীয়ে আন্ধাৰত আত্মগোপন কৰি বিভিন্ন দিশৰ পৰা গুলীচালনা কৰিছিল। উগ্ৰপন্থীৰ অৱস্থান নিশ্চিত কৰিবলৈ কেমেৰাৰ লগতে ড্ৰোন ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে চাৰিজন উগ্ৰপন্থীক বিচাৰি উলিয়াই এজন এজনকৈ হত্যা কৰা হয়। এই গোটত আৰু কোনো উগ্ৰপন্থী আছিল নেকি, তাৰ অনুসন্ধান চলাইছে যুটীয়া বাহিনীয়ে। উগ্ৰপন্থীয়ে সীমান্তৰ সিপাৰৰ পৰা প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে নিহত উগ্ৰপন্থীকেইজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি সেনাৰ এজন বিষয়াই জানিবলৈ দিয়ে। জম্মু-কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত ডিজি মুকেশ সিঙে জনোৱা মতে, সুৰাংকোট জিলাৰ সিন্ধাৰাত সংঘটিত হৈছে এই বন্দুকৰ যুঁজ। এই অভিযানত ড্ৰোন ব্যৱহাৰ কৰি উগ্ৰপন্থীৰ অৱস্থান নিশ্চিত কৰা হয়। প্ৰযুক্তিৰ সহায়ত সন্ত্ৰাসবাদীক সহজে বিচাৰি উলিওৱা সম্ভৱ হৈছে।

You might also like