নিয়মীয়া বাৰ্তা, ২১ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁও সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন অহা ৩০ জুলাইত অনুষ্ঠিত হব। নিৰ্বাচন উপলক্ষে কালি প্ৰাৰ্থীসকলৰ মনোনয়ন গ্ৰহণ কৰা হয়। কালি মনোনয়ন পৰ্বত সৰ্বমুঠ ৩৩গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। সমবায় সমিতিৰ কাৰ্যালয়ত মনোনয়নসমূহ নিৰ্বাচনী বিষয়াই গ্ৰহণ কৰে। সমবায় সমিতিখনৰ সম্পাদক হাছেন আলীয়ে জনোৱা মতে, মনোনয়ন পৰ্বত নিৰ্বাচনী বিয়ষা হিচাপে জ্যেষ্ঠ পৰিদৰ্শক দেৱব্ৰত চৌহান, পৰিদৰ্শক সমুদ্ৰ বৰা উপস্থিত আছিল। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকল হল আলহাজ আলী, মোবাৰক আলী, ফাৰুক চৌধুৰী, আনোৱাৰ হুচেইন, হানিফ আলী, চুলতান আলী, চায়দা বেগম, হবিবুৰ ৰহমান, চাহাৰ আলী, কলিম উদ্দিন, শ্বহিদুল ইছলাম, ফজলুৰ ৰহমান, ছাইফুল ইছলাম, নাজিম উদ্দিন, গনেশা মল্লিক, আনছাৰ আলী, জালাল উদ্দিন, ফাইজুৰ ৰহমান, গিয়াছ উদ্দিন, মনোৱাৰা বেগম, আম্বিয়া খাতুন, ছাইফুল ইছলাম, আশ্ৰাফুল আলম, দুলাল হুছেইন, আবুল হাসিম, আবু হানিফ, ফাতেমা খাতুন, আইন উদ্দিন আহমেদ, দিলোৱাৰা, হানিফ আলী, অনিল মণ্ডল, মাইনুদ্দিন আৰু জমিলা খাতুন। ইফালে, মনোনয়ন দাখিলৰ পিছতেই প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। অংশীদাৰ ভোটাৰসকলে ইয়াৰে ১৫গৰাকী সদস্য নিৰ্বাচিত কৰিব।
প্ৰেৰক আবুল কালাম