নিয়মীয়া বাৰ্তা, ২১ জুলাই : ধুবুৰীৰ অভিজাত তথা শালকোচাৰ স্বনামধন্য ৰায়চৌধুৰী পৰিয়ালৰ প্ৰয়াত ধৰণী কান্ত ৰায়চৌধুৰী আৰু প্ৰতিভা ৰায়চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ দীপাংকৰ ৰায়চৌধুৰীৰ ১৭ জুলাইত হৃদজনিত কাৰণত মৃত্যু হয়। ধুবুৰীত মুকুলদা নামেৰে পৰিচিত অত্যন্ত অমায়িক ব্যাক্তি আছিল তেওঁ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰা প্ৰয়াত ৰায়চৌধুৰীয়ে পিছলৈ গৈ এসময়ৰ প্ৰসিদ্ধ ধুবুৰীৰ দিয়াচলাই কাৰখানাৰ “উড ডিপাৰ্টমেন্ট”ৰ উড মেনেজাৰৰ পদত যোগদান কৰিছিল আৰু অৱসৰ লোৱালৈকে সেইটো পদতে কৰ্মৰত আছিল। ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ বাসিন্দা দীপাংকৰ ৰায়চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৩ বছৰ। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু কন্যাকে ধৰি কেইবাগৰাকী নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক এৰি যায় তেওঁ।
Prev Post