নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামেৰীমুৰাত ৰাভা ভাষা প্ৰশিক্ষণ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২২ জুলাই : ৰাভা জনগোষ্ঠীৰ ভাষা, কলাকৃষ্টি, সংস্কৃতি আৰু শৈক্ষিক দিশসমূহ উন্নীতকৰণৰ বাবে কাম কৰা জাতীয় সংগঠন ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি এদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰাভা ভাষা শিক্ষণৰ প্ৰশিক্ষণ কৰ্মশালা। লুকী মৌজা আঞ্চলিক ৰাভা সাহিত্য সভা আৰু গামেৰীমুৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত গামেৰীমুৰা মজলীয়া বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে ৰাভা ভাষা প্ৰশিক্ষণ কৰ্মশালাখন। কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সভাপতি অমিয় কুমাৰ ৰাভা আৰু সম্পাদক হৰেশ্বৰ ৰাভা চিনালে জনোৱা মতে; বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাঁৱৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপৰি পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ভাষা শিক্ষণ কৰ্মশালাত। ইফালে, লুকী মৌজা আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি অজিত ৰাভা আৰু সম্পাদক ত্ৰিদীপ ৰাভাৰ লগতে গামেৰীমুৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিকন ৰাভা আৰু সম্পাদক বাপুকণ ৰাভাই সহযোগিতা আগবঢ়োৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নিখিল ৰাভা সাহিত্য সভাৰ সহকাৰী সম্পাদক অমল ৰাভা আৰু কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উপ-সভাপতি বিলেশ্বৰ ৰাভাই। উদ্যোক্তা সমিতিৰ সম্পাদক হৰেশ্বৰ ৰাভা চিনালে জনোৱা মতে; ৰাভা ভাষা শিক্ষণ প্ৰশিক্ষণ কৰ্মশালাখন পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ৰাভা সাহিত্য সভা আৰু ৰাভা জাতীয় পৰিষদৰ কামৰূপ জিলাৰ প্ৰাক্তন সভাপতি বাপুৰাম ৰাভাই। কৰ্মশালাখন মাংগলিক নিয়মৰে উদ্বোধন কৰে ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমাজৰ সম্পাদক ড: লক্ষ্যজিৎ ৰাভাই আৰু অনুষ্ঠানসূচী সঞ্চালনা কৰে বিশিষ্ট অনাতাঁৰ শিল্পী তথা জিলা ৰাভা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক প্ৰবীণ ৰাভাই। কৰ্মশালাত ৰাভা ভাষাৰ জ্ঞান, প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত আলোকপাত কৰা হয়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like