নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিত খহনীয়াৰ কবলত কোটিটকীয়া মথাউৰি

নিয়মীয়া বাৰ্তা, ২২ জুলাই : লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ জামুগুৰিৰ বনপুৰৈত হোৱা প্ৰবল খহনীয়া ৰোধৰ বাবে ২০২১-২২ বৰ্ষত অসম চৰকাৰে এক ব্যয়বহুল আঁচনি অনুমোদন কৰে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২ কোটি ৬২ লাখ ৮৪ হাজাৰ টকাৰে জলসম্পদ বিভাগে মথাউৰিৰ খহনীয়া অংশ আৰু মথাউৰিৰ সুৰক্ষা বান্ধ মেৰামতি কৰে । উন্নত প্ৰযুক্তিৰ জিঅ’ টিউব আৰু জিঅ’ (জম্বু) বেগৰ জৰিয়তে খহনীয়া স্থায়ী সমাধানৰ অভিলাষী আঁচনি দুবছৰ নৌহওঁতেই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ইতিমধ্যে জাহ যোৱাৰ লগতে আৰু বহু স্থান খহনীয়াৰ কবলত পৰাৰ আশংকা প্ৰকট বুলি স্থানীয় ৰাইজে মতপোষণ কৰিছে ৷ প্ৰায় ডেৰ কোটি টকা ব্যয়েৰে মেৰামতি কৰা তিনি নং চেকবান্ধটো মথাউৰি দিশৰ পৰা নদীপৃষ্ঠৰ ফালে ক্ৰমে উচ্চতা কমি যোৱাৰ লগতে চেকবান্ধটোৰ নদীপৃষ্ঠৰ সন্মুখ ভাগ আৰু ইয়াৰ সোঁ আৰু বাওঁ অংশ ফালে অতি থিয়কৈ জিঅ’ বেগসমূহ জাপি দিয়াত জলপৃষ্ঠ তলৰ অংশৰ পৰা বেগসমূহ বিভিন্ন সময়ত পৰি যোৱা দৃষ্টিগোচৰ হৈছে ৷ একেদৰে তিনি নং চেকবান্ধৰ পৰা পশ্চিম দিশলৈ নিৰ্মাণ কৰা মথাউৰিৰ তলত জম্বুবেগসমূহ তলত পদ্ধতিগতভাৱে সংস্থাপিত নকৰি ছেদেলি-ভেদেলি কৰি জেচিবিৰ জৰিয়তে পেলাই দি ওপৰৰ অংশত জিঅ’ টিউবসমূহ দিয়া হয় ৷ সঠিকভাৱে সংস্থাপিত নকৰা জম্বুবেগসমূহ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত ওপৰৰ জিঅ’ টিউবসমূহ অচিৰেই খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে ৷ কোটিটকীয়া অভিলাষী আঁচনি এবছৰ ভিতৰতে তচনচ হৈ পৰাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷
প্ৰেৰক মাধুৰ্য দাস
You might also like