নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত সমবায় এজেণ্টৰ বিৰুদ্ধে সৰৱ শতাধিক লোক

নিয়মীয়া বাৰ্তা, ২২ জুলাই : নগৰবেৰাৰ মন্দিৰা এন চিত সমবায় এজেণ্টৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ। হিতাধিকাৰীক নিবিলাই তিনি-চাৰি মাহৰ চাউল চোৰাংকৈ বিক্ৰী কৰি ৰোষত পৰিল সমবায় এজেণ্ট আমজাদ হুছেইন। ফলত বঞ্চিত হিতাধিকাৰীৰ উত্তাল প্ৰতিবাদ | একেলগে চাৰি-পাঁচ মাহে সমবায়ৰ চাউল উঠাই ৰাইজক নিবিলাই বিক্ৰী কৰে ক’লা বজাৰত | চাউল বিচাৰি গৈ খালী মোনা, সমবায়ৰ কাৰ্ড লৈ উভতিবলগীয়া হয় ৰাইজ ,উপায়বিহীন হৈ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | মন্দিৰা এন চি গাঁৱত দুখীয়া শতাধিক হিতাধিকাৰীয়ে আজি দুপৰীয়া সাব্যস্ত কৰে প্ৰতিবাদ | অভিযোগ অনুসৰি, সমবায় এজেণ্ট আমজাদ হুছেইনে একেৰাহে এপ্ৰিলৰ পৰা জুলাই পৰ্যন্ত বিলোৱা নাই সমবায়ৰ চাউল। দুখীয়া হিতাধিকাৰীক নিবিলাই বিক্ৰী কৰে মনে মনে | দুখীয়াৰ চাউল বিক্ৰী কৰি এজেণ্টে নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে | আনহাতে, ৰেচন কাৰ্ড বনাই দিম বুলি চাৰি-পাঁচ হাজাৰ পৰ্যন্ত আদায় লৈছে বহু হিতাধিকাৰীৰ পৰা। পিছে টকাহে আদায় ল’লে, ৰেচন কাৰ্ড পিছে নাপালে ৰাইজে। নিজকে মন্ত্ৰী-বিধায়কৰ আশিসধন্য বুলি কৈ সোঁৱে-বাঁৱে লুণ্ঠণৰাজ চলোৱা বুলিও গুৰুতৰ অভিযোগ উঠিছে | ৰাইজে শীঘ্ৰে সমবায় এজেণ্ট আমজাদ হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছে জিলা যোগান বিভাগক |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like