নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালনোটসহ গুৰুকুল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ দিগম্বৰ ৰায়ক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,  ২২ জুলাই : ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে  যৌথ অভিযান চলাই কালি সন্ধিয়া ছাগলীয়াৰ ভাইবাজাৰত আন্তৰ্জাতিক মাল্লাখাম খেলৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি তথা আগমনি গুৰুকুল বিদ্যালয়ৰ অধ্যক্ষ দিগম্বৰ ৰায়ক  ৭,৫০০ টকাৰ জালনোটসহ আটক কৰে। এটা বিশেষ সূত্ৰে জানিব পৰা মতে, ভাইবাজাৰত এটা কোম্পানীৰ এগৰাকী ডীলাৰৰ লগত টকা exchange কৰাৰ সময়তে ১৫খন ৫০০ টকীয়া জালনোটসহ দিগম্বৰ ৰায়ক আটক কৰে। ধৃত দিগম্বৰ ৰায় আগমনিৰ গুৰুকুল বিদ্যালয়ৰ অধ্যক্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয়  মাল্লাখাম খেলৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি । আনহাতে, প্ৰায় তিনি মাহ পূৰ্বে তেওঁৰ ১৪ বছৰীয়া ল’ৰাক তিনিখন ৫০০ টকীয়া জালনোটসহ হালাকুৰা আৰক্ষীয়ে আটক কৰিছিল যদিও মানৱতাৰ খাতিৰত মুকলি কৰি দিছিল । ধৃত দিগম্বৰ ৰায়ৰ ঘৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালডোৱা দ্বিতীয় খণ্ড গাঁৱত। এনেদৰে পিতা-পুত্ৰ জালনোটৰ সৈতে আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই দিগম্বৰ ৰায়ে যে দীৰ্ঘদিনৰ পৰা জালনোটৰ ব্যৱসায় কৰি আহিছে, তাকেই প্ৰমাণিত কৰিছে বুলি চৰ্চা চলিছে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like