নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছ টিন বডোলেণ্ড-২০২৩ত ফাৰ্ষ্ট ৰানাৰ্ছ আপ চিত্ৰলেখা বসুমতাৰী

বিশেষ বাৰ্তা, ২২ জুলাই : কোকৰাঝাৰত অনুষ্ঠিত মিছ টিন বডোলেণ্ড-২০২৩ কনটেষ্টত চিত্ৰলেখা বসুমতাৰীয়ে ফাৰ্ষ্ট ৰানাৰ্ছ আপৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় । চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ৰঞ্চাইধামস্থিত জৌংমাপুৰীৰ বাসিন্দা চিত্ৰলেখা। জিলাখনৰ বেংতল চেণ্টাৰ ফৰ নিউ লাৰ্লিং স্কুল (চি এন এল)ৰ নৱম শ্ৰেণীৰ ছাত্ৰী চিত্ৰলেখা বসুমতাৰী। ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে বিউটী কনটেষ্টৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা এক আছুতীয়া সাক্ষাৎকাৰত উল্লেখ কৰে চিত্ৰলেখাই। পিতৃ চলা বসুমতাৰী আৰু মাতৃ বিদিন্থা বসুমতাৰীৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যই সহায়-সহযোগিতা আগবঢ়োৱা বুলি চিত্ৰলেখাই কয় । চিত্ৰলেখাৰ এই যাত্ৰাত পৰিয়ালৰ লগতে অনুগামীসকল যথেষ্ট উল্লসিত হৈ আগলৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সুনাম অৰ্জন কৰিব পাৰে, তাকে কামনা কৰে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like