নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ইনিংছত ভাৰতৰ ৪৩৮ ৰান

বিশেষ বাৰ্তা, ২২ জুলাই : ৱেষ্ট ইণ্ডিজৰ মাটিত ভাৰতীয় বেটাৰৰ আধিপত্য অব্যাহত আছে৷ শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ প্রথম দিনা ৰোহিত শর্মা আৰু যশস্বী জয়ছোৱালে অর্ধশতৰান কৰাৰ পিছত দ্বিতীয় দিনা শতৰান কৰে বিৰাট কোহলিয়ে ৷ ইয়াৰ উপৰি অর্ধশতৰান উপহাৰ দিয়ে ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনে৷ তেওঁলোকৰ সুন্দৰ বেটিঙৰ সহায়ত ভাৰতে প্রথম ইনিংছত সংগ্রহ কৰে ৪৩৮ ৰান ৷ প্রত্যুত্তৰত প্রথম ইনিংছ আৰম্ভ কৰি ৱেষ্ট ইণ্ডিজে দ্বিতীয় দিনাৰ অন্তত এটা উইকেট হেৰুৱাই সংগ্রহ কৰিছে ৮৬ ৰান ৷ কেৰিবিয়ান দলটোৰ হৈ প্রথম উইকেটত ৭১ ৰান যোগ দিয়ে কাৰেন ক্রেগ ব্রেথৱেট আৰু তেজ নাৰায়ন চন্দ্রপলে ৷ ৩৩ ৰান কৰি জাদেজাৰ বলত অশ্বিনৰ দ্বাৰা আউট হয় চন্দ্রপল ৷ দ্বিতীয় দিনাৰ অন্তত ৩৭ ৰানত অপৰাজিত থাকে ব্রেথৱেট৷ প্রথম টেষ্টত ভাৰতীয় স্পীনাৰৰ ওচৰত আত্মসমর্পণ কৰিলেও প’ট অৱ স্পেইনত যুঁজ দিয়াৰ ইংগিত দিছে ৱেষ্ট ইণ্ডিজে৷ প্রথম দিনাৰ অন্তত চাৰি উইকেট হেৰুৱাই ভাৰতৰ ৰান আছিল ২৮৮৷ কালি কোহলিয়ে নিজৰ ৫০০সংখ্যক আন্তর্জাতিক মেচত শতৰান অর্জন কৰে৷ ৫ বছৰৰ পিছত বিদেশৰ মাটিত এয়া আছিল তেওঁৰ প্রথমটো শতৰান৷ আনহাতে, জাদেজাই ৬১ ৰান সংগ্রহ কৰে৷ শেষৰফালে অশ্বিনে ৭৮টা বলত ৫৬ ৰান সংগ্রহ কৰে৷ অশ্বিনৰ বাবেই ভাৰতে চাৰি শতাধিক ৰান অতিক্রম কৰে৷ ঈশান কিশনে ২৫ ৰান কৰি আউট হয়৷ অশ্বিনৰ বেটিঙেৰে অন্তিম ভাগত ভাৰতে ৬৫ ৰান যোগ দিয়ে৷ ইয়াৰ ভিতৰত সিংহভাগ ৰান আহিছিল অশ্বিনৰ বেটৰ পৰা৷ ৱেষ্ট ইণ্ডিজৰ হৈ তিনিটাকৈ উইকেট দখল কৰে কেমাৰ ৰ’জ আৰু জোমেল ৱাৰিকানে৷

You might also like