নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত মানুহৰ দৰে দাঁত থকা মাছ উদ্ধাৰ

📌 বিৰল প্রজাতিৰ মাছক লৈ ইণ্টাৰনেটত আলোড়ন
বিশেষ বাৰ্তা, ২৩ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রত ছার্লি কিল্টন নামৰ যুৱ মাছমৰীয়া এজনে মানুহৰ দৰে দাঁত থকা বিৰল প্রজাতিৰ মাছ উদ্ধাৰ কৰাক লৈ ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি হৈছে৷ পুখুৰী এটাত যুৱকজনে মাছটো ধৰাৰ পিছত ইণ্টাৰনেটত এই মাছটোৰ আলোকচিত্র প্রচাৰ কৰাৰ পিছতে বিশ্বজুৰি মাছ বিশেষজ্ঞৰ মাজত চর্চাৰ বিষয় হৈ উঠিছে ৷ ওকলাহোমা বন্যপ্রাণী সংৰক্ষণ বিভাগে এই মাছটো ইনষ্টাগ্রামত শ্বেয়াৰ কৰি এনেধৰণৰ বিৰল প্রজাতিৰ মাছ উদ্ধাৰ হোৱাটো আশ্চর্যজনক বুলি কয় ৷ মন কৰিবলগীয়া যে এই মাছটোক প্রাৰম্ভিক পর্যায়ত পাকু প্রজাতিৰ বুলি ভবা হৈছিল যদিও সেয়া ভুল বুলি পিছলৈ পৰিগণিত হৈছে৷ মৎস্য বিশেষজ্ঞ আৰু প্রকৃতি বিজ্ঞানীয়ে মানুহৰ দৰে দাঁত থকা মাছটোক লৈ গৱেষণা আৰম্ভ কৰিছে ৷

You might also like