নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত ৰাষ্ট্ৰপতিৰ বঁটাপ্ৰাপক স্বাধীনতা সংগ্ৰামীৰ পত্নীক জ্বলাই হত্যা

বিশেষ বাৰ্তা, ২৩ জুলাই : হিংসাত দগ্ধ মণিপুৰৰ পৰা শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক নৃশংস ঘটনা। প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা বঁটা লাভ কৰা স্বাধীনতা সংগ্ৰামী এছ চুৰাচান্দ সিঙৰ বৃদ্ধ পত্নীক জীৱন্তে জ্বলাই দিয়াৰ ঘটনা পোহৰলৈ আহিছে। মৃতকৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি যোৱা ২৮ মে’ত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, সেইদিনা কাকচিং জিলাৰ ছেৰো গাঁৱত হাতত অস্ত্ৰ-শস্ত্ৰ লৈ একাংশ অচিনাক্ত ব্যক্তিয়ে বাহিৰৰ পৰা এটা ঘৰৰ দুৱাৰত তলা মাৰি জুই লগাই দিয়ে। স্বাধীনতা সংগ্ৰামী এছ চুৰাচান্দ সিঙৰ পত্নী ৮০ বছৰীয়া ছৰোখাইবাম ইবেটম্বি সেই সময়ত ঘৰৰ ভিতৰতে আছিল। কিছু সময় পাৰ হোৱাৰ পাছত গাঁওবাসীয়ে জুই নুমুৱায় যদিও ঘৰৰ ভিতৰতে উদ্ধাৰ হয় বৃদ্ধাগৰাকীৰ মৃতদেহ। বৃদ্ধাগৰাকীৰ নাতি প্ৰেমকান্তই সংবাদ মাধ্যমক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে তেওঁকো হত্যাৰ চেষ্টা চলাইছিল। ঘৰৰ ভিতৰৰ পৰা আইতাকক উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ হাততো গুলী লাগিছিল। তদুপৰি প্ৰেমকান্তই কয়- “আইতাক বচাবলৈ যাওঁতে আইতাই কৈছিল- এতিয়া পলাই যা”। কিন্তু আইতাকক ৰক্ষা কৰিব নোৱাৰিলে প্ৰেমকান্তই। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছেৰো ৰাজ্যখনৰ আটাইতকৈ হিংসাত্মক গাঁওসমূহৰ ভিতৰৰ এখন।

 

You might also like