বিশেষ বাৰ্তা, ২৩ জুলাই : গুৱাহাটী মহানগৰীৰ ৰূপনগৰত মণিপুৰৰ এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱতীগৰাকীৰ নাম ৰেবিকা থাওডাম। ৰূপনগৰৰ গণেশ মন্দিৰ পথৰ সমীপৰ এটা বাসগৃহত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী আৰু প্ৰেমিক ৰোহিত শইকীয়া। যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। প্ৰেমিক ৰোহিত শইকীয়াই যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰে পৰিয়ালৰ লোকে। সম্প্ৰতি GMCHৰ মৰ্গত ৰখা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। উল্লেখ্য যে ভঙাগড় আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ৰোহিত শইকীয়াক। প্ৰায় ডেৰ বছৰ ধৰি যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল যুৱতীগৰাকী।
You might also like