নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাট–হিমাচলত বৃষ্টিপাতত সাতজনৰ প্রাণহানি

বিশেষ বাৰ্তা, ২৩ জুলাই : দেশৰ বিভিন্ন প্রান্তত অব্যাহত আছে মুষলধাৰ বৃষ্টিপাত ৷ ইয়াৰ ফলত ভূমিস্খলন, বানত বিপর্যস্ত হৈছে স্বাভাৱিক জীৱনযাত্রা৷ আটাইতকৈ বেছি প্রভাৱ পৰিছে উত্তৰাখণ্ড, গুজৰাট আৰু হিমাচল প্রদেশত ৷ বৃষ্টিপাত সম্পর্কীয় দুর্ঘটনাৰ ফলত যোৱা দুদিনত হিমাচল আৰু গুজৰাটত মৃত্যু হৈছে সাতগৰাকী লোকৰ ৷ চলিত বর্ষাকালত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে হিমাচল প্রদেশ৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং ছুখুৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি, হিমাচলত বানত ক্ষতি হৈছে আঢ়ৈ হাজাৰ কোটি টকাৰ সম্পত্তিৰ৷ বিগত ৭৫ বছৰৰ পিছত হিমাচলত এয়া বৃহৎ প্রাকৃতিক বিপর্যয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ হিমাচলত যোৱা শনিবাৰে দুটা পৃথক ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰাৰ উপৰি গুজৰাটত দুজন লোকৰ মৃত্যু হোৱা বুলি প্রকাশ কৰিছে৷

You might also like