নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত অসম উড়িয়া মহাসভা-উড়িয়া মহিলা সমিতিৰ প্ৰাথমিক গোট গঠন

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : শোণিতপুৰৰ ৰঙাপৰাৰ নামগাঁৱত কালি অসম উড়িয়া মহাসভা আৰু অসম উড়িয়া মহিলা সমিতিৰ প্ৰাথমিক গোট গঠন কৰা হয় । জানিব পৰা মতে, জিলাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সৰ্বসন্মতিমৰ্মে কমল দাসক সভাপতি আৰু বিজয় দাস সম্পাদক হিচাপে লৈ অসম উড়িয়া মহাসভাৰ প্ৰাথমিক গোট আৰু ক্ৰমে ভৱানী দাসক সভানেত্ৰী, সংগীতা দাসক সম্পাদিকা হিচাপে লৈ অসম উড়িয়া মহিলা সমিতিৰ প্ৰাথমিক গোট গঠন কৰা হয় । সভাখনত অসমৰ উড়িয়াসকলৰ বিভিন্ন সমস্যা, সমস্যা সমাধানৰ পথ, সাংগঠনিক দিশ সুদৃঢ়কৰণ ইত্যাদি বিভিন্ন বিষয়তো আলোচনা কৰা হয় । সভাখনত অসম উড়িয়া মহাসভাৰ শোণিতপুৰ জিলা সভাপতি বিলি মল্লিক, সম্পাদক ৰোহিত তাঁতী, উপ-সভাপতিদ্বয় বিক্ৰম চাচনী আৰু মনোজ দাস, শিক্ষা সম্পাদক ভদ্ৰেশ্বৰ তাঁতী, কাৰ্যনিৰ্যাহক সদস্য কৃষ্ণ দাস, ৰঙাপৰা আঞ্চলিকৰ সভাপতি বিপুল তাঁতী, মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী জ্যোতি চাহানী, আঞ্চলিক সদস্যা মীনাক্ষি তাঁতীৰ লগতে ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like