নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিগ্ৰস্ত বিষয়াই হাত দাঙিবলৈ সাজু হৈ থাকক : মন্ত্ৰী ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ দেশৰ ভিতৰতে সৰ্ববৃহত বদলি হৈছিল ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত। অনুৰূপ ধৰণে যোগান বিভাগতো বদলি আৰম্ভ হৈছে৷ বৰাক ভেলীত কৰ্মৰতজনে উত্তৰ অসমত থাকিব লাগিব আৰু উত্তৰ অসমৰ জনে পশ্চিম অসমত থাকিব লাগিব।” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালীৰ গোলিবান্ধাত এটি প্ৰসূতিৰ প্ৰসৱ কেন্দ্ৰ মুকলি কৰি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে মিচুৱেল ট্ৰেন্সফাৰ এতিয়া বন্ধ৷ প্ৰকৃততে মিচুৱেল ট্ৰেন্সফাৰ একপ্ৰকাৰ দুৰ্নীতি। কাৰণ মিচুৱেল ট্ৰেন্সফাৰ চাৰভিচ ৰুলতে নাই। তৎসত্ত্বেও বিশেষ প্ৰয়োজনত বিশেষকৈ চিকিৎসাজনিত কাৰণ মিচুৱেল ট্ৰেন্সফাৰ দিব লাগিবও পাৰে, কিন্তু দুখনমান মেডিকেলৰ কাগজৰ ভিত্তিত সেয়া নহব৷ আবেদনকাৰীয়ে মেডিকেল বোৰ্ডত হাজিৰ হব লাগিব আৰু তাৰ পিছতহে বিষয়টো বিবেচনা কৰা হব৷ আনহাতে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ দুৰ্ণীতি সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে এতিয়াৰ পৰা দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে হাত দাঙিবলৈ সাজু হৈ থাকক৷ কোনো বিষয়াৰ দুৰ্নীতি ধৰা পৰিলে তেওঁৰ নিস্তাৰ নাই৷ বিশ্বজিত গোস্বামীয়ে আনকি শ্মশানৰ নামতো কমিছন বিছাৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে শ্মশান আৰু কবৰস্থানৰ টকা খালে পাপে চুব৷ আৰু আজি বিশ্বজিৎ গোস্বামীক পাপে চুলে যাৰ বাবে আজি হাত দাঙিবলৈ বাধ্য হ’ল৷ উল্লেখ্য যে আজি বজালীৰ অন্তৰ্গত তথা সৰুক্ষেত্ৰী সমষ্টিৰ গোলিবান্ধাত প্ৰসূতি প্ৰসৱ কেন্দ্ৰটোৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি মন্ত্ৰী  কুমাৰ দাসে এই কেন্দ্ৰটিয়ে আগন্তুক দিনত সুৰক্ষিত মাতৃত্ব সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সতে বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, অগপ নেতা ধৰ্মেশ্বৰ ৰয় সমন্বিতে একাধিক বিষয়া, নেতা-কৰ্মী তথা ৰাইজ উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like