নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ আড্ডাস্থলীত পৰিণত হাতীশিলা গণেশ মন্দিৰ চৌহদ

বিশেষ বাৰ্তা, ২৪ জুলাইঃ পানীখাইতীস্থিত ঐতিসাহিক হাতীশিলা গণেশ মন্দিৰ চৌহদত একাংশ উদণ্ড যুৱকে দিন দুপৰতে সুৰাৰ আড্ডাস্থলীলৈ পৰিণত কৰা পৰিলক্ষিত হৈছে।উল্লেখ্য যে ইতিসাহ প্ৰসিদ্ধ এই গণেশ মন্দিৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক ভক্তৰ আগমন ঘটে।সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে উক্ত অঞ্চলত সুৰা পান বা তেনে সামগ্ৰী কঢ়িৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা প্ৰদান কৰি আহিছে।আনকি মন্দিৰৰ প্ৰবেশ পথত জাননী পৰ্যন্ত আৰি দিছে সমিতিয়ে।কিন্তু তাৰ পিছতো মহানগৰীৰ বিভিন্ন প্ৰান্তৰ একাংশ উদণ্ড যুৱকে সুযোগ বুজি সুৰাপান অব্যাহত ৰাখিছে।জানিব পৰা মতে শেষতীয়াকৈ বিগত কেইদিন মানৰ পৰা দিন দুপৰতে মুকলিকৈ সুৰাপান কৰা পৰিলক্ষিত হৈছে মন্দিৰ‌ চৌহদত ।আজিও আনকি তেনে কেইজনমান যুৱকে মন্দিৰ চৌহদত মুকলিকৈ সুৰাপান কৰা পৰিলক্ষিত হয়।এই কথা জানিব পাৰি মন্দিৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া উপস্থিত হৈ যুৱক কেইজনক জবাবদিহি কৰাৰ উপৰি শেষ সকিয়নী প্ৰদান কৰে।অৱশ্যে ভুল স্বীকাৰ কৰাৰ উপৰি ভৱিষ্যতে মন্দিৰ প্ৰাংগনত এই কাৰ্য নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে যুৱক কেইজনে।

প্ৰেৰক বিভাষ দাস

You might also like