বিশেষ বাৰ্তা, ২৪ জুলাইঃ অসম আৰক্ষীৰ মুখ্য কার্যালয়ে এক নির্দেশনাযোগে গুৱাহাটী আৰক্ষী আয়ুক্তালয়কে ধৰি বিভিন্ন বেটেলিয়নত কর্মৰত ১৭গৰাকী পৰিদর্শকক বিভিন্ন স্থানলৈ বদলি কৰিছে৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ প্রাণজিৎ দাস, বিনন্দ বসুমতাৰী, প্রশান্ত বৰা, টিংকুমণি বৰদলৈ, দীপান্ত ফুকন, নিতুল দাস, মনজিৎ বুঢ়াগোহাঁই, দেৱজ্যোতি ফুকনক ক্রমে সীমান্ত, মান্দাকাটা বেটেলিয়ন, দেৰগাঁও পিটিচি, চিআইডি, টেঙাখাটৰ ১৯ এপি (আৰ) বেটেলিয়ন, দেৰগাঁও, সীমান্ত শাখা আৰু লিগিৰীপুখুৰী প্রথম এপিবিএনলৈ বদলি কৰা হৈছে৷ একেদৰে জ্যোতিষ্মান নেওগ, হৃষীকেশ হাজৰিকা, বিশ্বজিৎ ভদ্রা, উত্তম তামাং, দীপক দাস, জয়শংকৰ ৱাৰী, লার্লিছ পেগু আৰু সতীশ চাহুক গুৱাহাটী আৰক্ষী আয়ুক্তালয়লৈ বদলি কৰাৰ লগতে দেৰগাঁৱৰ পৰিদর্শক গৌৰৱজ্যোতি চুতীয়াক কৰিমগঞ্জলৈ বদলি কৰা হৈছে৷