নিয়মীয়া বাৰ্তা, ২৫ জুলাই : অসম সত্ৰ মহাসভাৰ উদ্যোগত আৰু বিজনী সত্ৰৰ সহযোগত যোৱা ২০ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাখনৰ আজি সফল সামৰণি পৰে । বিজনী সত্ৰৰ বুঢ়া ভকত তথা ভাগৱতাচাৰ্য উদয় ডেকাই বন্তি প্ৰজ্বলন কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আৰম্ভণিতে বৰগীতৰ প্ৰশিক্ষাৰ্থীসকলে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আশোৱাৰী ৰাগৰ এটি বৰগীত পৰিৱেশন কৰে। তাৰ পিছতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰে গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী পংকজ বৰুৱাৰ পৰিচালনাৰে মাটি আখৰা আৰু লৱণু চুৰি কৃষ্ণ নৃত্য। তাৰ পিছতে বৰগীতৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষক লক্ষেশ্বৰ নাথৰ পৰিচালনাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কল্যাণ ৰাগৰ আন এটি বৰগীত পৰিৱেশন কৰে । বৰগীত পৰিৱেশনৰ পিছতে নৃত্যৰ প্ৰশিক্ষাৰ্থীসকলে কৃষ্ণ বন্দনা আৰু ঝুমুৰা নাচৰ ৰামদানি অংশ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত প্ৰশিক্ষণ আগবঢ়াই বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী পংকজ বৰুৱাই অসম সত্ৰ মহাসভা আৰু বিজনী সত্ৰ পৰিচালনা সমিতিৰ শলাগ লয় । লগতে কৰ্মশালাত প্ৰশিক্ষণ লৈ থকা ছাত্ৰ অপূৰ্ব বসুমতাৰীয়ে নিজ হাতে নৃত্যশিল্পী পংকজ বৰুৱাৰ চিত্ৰ অংকন কৰি উপহাৰ দিয়ে ।
প্ৰেৰক বৰ্ণালী তালুকদাৰ