নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰ : লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২৫ জুলাই : মণিপুৰক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আছে বিৰোধী শিবিৰ। সূত্ৰ অনুসৰি, এইবাৰ বিৰোধী মিত্ৰজোঁট ‘আইএনডিআইএ’ই লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰে! সূত্ৰ অনুসৰি ৰাজ্যসভাত পৰৱৰ্তী সময়ত এনে প্ৰস্তাৱ অনা হ’ব পাৰে! মঙলবাৰে তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে দাবী কৰে যে বিৰোধী মিত্ৰজোঁট ‘আইএনডিআইএ’ই লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰৰ হিংসা সন্দৰ্ভত সংসদৰ চলিত অধিৱেশন উত্তপ্ত হৈ থকাৰ সময়তে এই দাবী কৰা হৈছে। উল্লেখ্য যে ২০১৮ চনত মোদী চৰকাৰৰ বিৰুদ্ধে অন্তিমবাৰ অনাস্থা প্রস্তাৱ উত্থাপন কৰা হৈছিল৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে ২০০৩ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। অৱশ্যে সংসদৰ নিম্ন সদনত চিন্তামুক্ত সংখ্যাগৰিষ্ঠতা থকা বাবে নৰেন্দ্ৰ মোদী চৰকাৰ এনে কোনো প্ৰস্তাৱৰ পৰা ভাবুকিৰ সন্মুখীন হোৱা নাই। এইক্ষেত্ৰত বিৰোধী নেতাসকলে কয় যে এই প্ৰস্তাৱ অনাৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীক মণিপুৰ বিষয়ত সদনত কথা ক’বলৈ বাধ্য কৰোৱা। উল্লেখ্য যে বিৰোধীৰ প্ৰতিবাদৰ বাবে বিগত তিনি দিন ধৰি সংসদত অচলাৱস্থাৰ সৃষ্টি হৈছে। মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত সৰৱ হৈ আছে বিৰোধী দল। বিৰোধীৰ হুলস্থুলৰ বাবে মঙলবাৰে পুৱা লোকসভাৰ অধিৱেশন স্থগিত ৰখা হয়। বিয়লি ২ বজালৈ স্থগিত ৰখা হয় লোকসভাৰ অধিৱেশন।

You might also like