নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত পথ সুৰক্ষা সজাগতা শোভাযাত্ৰা-সভাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : “পথ সুৰক্ষা জীৱন সুৰক্ষা”- ‘সজাগ হওক জীৱন ৰক্ষা কৰক’ শ্লোগানেৰে আজি বকোত কামৰূপ জিলা আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয় পথ সুৰক্ষা সজাগতা শোভাযাত্ৰা আৰু ৰাজহুৱা সভা। ‘ট্ৰেফিক আইন মানি চলক’, ‘সুৰাপান কৰি চলালে বাহন যমদূতৰ হ’ব আগমন’- এনেধৰণৰ ৰাইজে সজাগ হ’ব পৰা অথবা সজাগ হ’বলৈ পৰামৰ্শ প্ৰদান কৰা বাণীৰে আয়োজন কৰা সজাগতাৰ অনুস্থান আৰু সমদলৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই। ইফালে, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথৰ তৎপৰতাত আয়োজন কৰা অনুস্থানত অংশগ্ৰহণ কৰে কামৰূপ জিলা প্ৰশাসনৰ জিলা পৰিবহণ বিষয়া ৰূপজ্যেতি কলিতা; জিলা উপ-আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ শইকীয়া; বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ; বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: তপন দত্ত ; ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বকোৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা; বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া; বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি অচ্যুত সাহা; বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা; বি এড কলেজৰ প্ৰধান সচিব তথা শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়া; অৱসৰপ্ৰাপ্ত বন প্ৰাধিকাৰী বিষয়া প্ৰহ্লাদ বড়ো; ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতাৰ উপৰি বহুসংখ্যক সমাজ সচেতন নাগৰিক। উল্লেখ্য যে বকোৰ বিশিষ্ট যুৱ সাংবাদিক গোবিন্দ দলৈয়ে আঁত ধৰা অনুস্থানত বকো আৰক্ষী থানাৰ এলেকাৰ গাঁওৰক্ষী বাহিনীৰ লোকসকল; ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল; এন চি চিৰ কেডেটসকল; বিহুকে ধৰি ভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য দলৰ শিল্পীৰ উপস্থিতিত আয়োজন কৰা হয় সজাগতা সভাখন। প্ৰতিভাৱান শিল্পী চয়নিকা কলিতাই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা সজাগতা সভাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ যান-বাহন আইন মানি চলি বাহন চলাওঁতে হেলমেট পৰিধান কৰি; বাহনৰ নথি-পত্ৰ ঠিক-ঠাক কৰি ৰাখিবলৈ; ছিট বেল্ট বান্ধি লোৱা আৰু অন্যান্য নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ উপৰি ৰাজ্য চৰকাৰক জধে-মধে মদৰ দোকানৰ লাইচেন্স নিদিবলৈ আহ্বান জনায়। সভাত কামৰূপ জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ শইকীয়াই চৰকাৰৰ যান-বাহন আইন মানি নচলা বাবে বহু পৰিয়ালৰ সদস্যৰ সংখ্যা হ্ৰাস পাইছে, বহু পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে- এনে বহু উদাহৰণ দাঙি ধৰি নিজক মৰম কৰিবলৈ জনসাধাৰণক সজাগ হোৱাৰ পৰামৰ্শ তথা আহ্বান জনায়। তীব্ৰ গতি পৰিহাৰ কৰি অথবা মদ্যপান কৰি বাহন নচলাবলৈ কঠোৰভাৱে আহ্বান জনায়। সভাত বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে “পথ সুৰক্ষা জীৱন সুৰক্ষা; সজাগ হওক জীৱন ৰক্ষা কৰক” শ্লোগান মানি চলিবলৈ পৰামৰ্শ দিয়ে। অনুস্থানত পথ সুৰক্ষাৰ সজাগতাৰ ওপৰত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like