নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বলীউডৰ জনপ্ৰিয় তাৰকা-মহাতাৰকাৰ চমকেৰে আজি উজলি উঠিব গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদ । বহু প্ৰতীক্ষাৰ অন্তত অন্ত আজি সন্ধিয়া সৰুসজাইত হ’ব বৰ্ণাঢ্য-অভিজাত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক লৈ মহানগৰীত পৰিলক্ষিত হৈছে ব্যাপক উছাহ-উদ্দীপনা । তাৰকাৰ খদমদমত একপ্ৰকাৰ উদ্বেলিত হৈ পৰিছে গুৱাহাটী মহানগৰী । নিজৰ পছন্দৰ তাৰকাক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অধীৰ অপেক্ষাত আছে অনুৰাগীসকল ।
শনিবাৰে পুৱাই গুৱাহাটীত উপস্থিত হয়হি উষা উত্থুপ । সাংবাদিকৰ আগত অসমীয়াতে খুব ভাল লাগিছে বুলিও ক’লে উষা উত্থুপে । ভূপেন হাজৰিকাৰ স্মৃতিৰ কথা উল্লেখ কৰি বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে ক’লে ভূপেনদা আমাৰ পৰিয়ালৰে এজন ।