নির্ভয়া গোচৰঃ আদালততে ঢলি পৰিল ন্যায়াধীশ বানুমতী
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ২০১২ চনৰ দিল্লী গণধর্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ শুনানি গ্রহণ কৰি থকা অৱস্থাতে আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ বানুমতী হঠাতে অজ্ঞান হৈ ঢ়লি পৰে৷ কিছু সময় পিছত জ্ঞান ঘূৰাই পোৱাত তেওঁক ন্যায়ালয়ৰ বাহিৰলৈ লৈ যোৱা হয়৷ এই ঘটনাটো সংঘটিত হয় সেই সময়ত, যেতিয়া নির্ভয়া কাণ্ডৰ চাৰি দোষীৰ পৃথককৈ মৃত্যুৰ ৰায় কার্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ আবেদন সন্দর্ভত শুনানি গ্রহণ কৰি থকা হৈছিল৷ দিল্লী উচ্চ ন্যায়ালয়ে নির্ভয়া হত্যাকাণ্ডত অভিযুক্ত চাৰি যুৱকৰ মৃত্যুৰ ৰায়দান ঘোষণা কৰাৰ বাবে যোৱা ৫ ফেব্রুৱাৰীত এসপ্তাহৰ সময় লৈছিল আৰু সকলো আইনী সাহায্য তেওঁলোকক প্রদান কৰিবৰ বাবে নির্দেশ দিছিল৷ ন্যায়ালয়ে একেটা গোচৰত দোষী সাব্যস্ত হোৱা চাৰিজন অপৰাধীক পৃথককৈ ফাঁচি দিব নোৱাৰি বুলি মন্তব্য কৰিছিল৷ আজি উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ প্রত্যাহ্বান জনাই কেন্দ্রই কৰা আবেদন সন্দর্ভত শুনানি গ্রহণ কৰি থকা অৱস্থাতে ন্যায়াধীশ বানুমতী হঠাতে অজ্ঞান হৈ পৰিছে৷ পিছত তেওঁক এখন হুইল চেয়াৰত বহুৱাই চিকিৎসা প্রদানৰ বাবে লৈ যোৱা হয়৷ ইফালে, কেন্দ্রীয় চৰকাৰে আজি নির্ভয়া গোচৰ সন্দর্ভত চাৰি অভিযুক্তৰ বিলম্বিত ফাঁচিৰ হুকুম শীঘ্রে কার্যকৰী কৰিবলৈ ন্যায়ালয়ক আবেদন জনায়৷ আনহাতে আজি নির্ভয়া গোচৰৰ অন্যতম অভিযুক্ত বিনয় শর্মাৰ এক আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে৷ ২০১২ চনৰ গণধর্ষণত অভিযুক্ত বিনয় শর্মাই জনোৱা ক্ষমাৰ আবেদন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে খাৰিজ কৰাৰ পিছত ৰাষ্ট্রপতিৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই অভিযুক্তজনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু এই আবেদন অগ্রাহ্য কৰে দেশৰ সর্বোচ্চ ন্যায়ালয়ে৷