বিশেষ বাৰ্তা, ২৮ জুলাই : কাইলৈ ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বাক্সা জিলা ভ্ৰমণ কৰিব । এই উদ্দেশ্য আজি বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় । ৰাজ্যপালৰ বাক্সা জিলা ভ্ৰমণৰ প্ৰস্তুতিৰ ওপৰত অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে জিলা উপায়ুক্ত মাচণ্ডা মেকডেলিন পাৰ্টিনে । এই বৈঠকত আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত উপায়ুক্ত ক্ৰমে অৰুণ ব্ৰহ্ম আৰু চাইফুদুল্লা খানৰ উপৰি নিৰাপত্তা সংস্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । উল্লেখ্য যে ৯ জুনত ৰাজ্যপালে বাক্সা জিলা ভ্ৰমণ কৰাৰ পিছত উপায়ুক্ত, আৰক্ষী অধীক্ষক, নিৰাপত্তা সংস্থা, বিভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ লগতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্যবাহী সদস্য, এমচিএলএ তথা আন জনপ্ৰতিনিধি আদিৰ সৈতে বৈঠকত মিলিত হ’ব। ৰাজ্যপালৰ বাক্সা জিলা ভ্ৰমণ যাতে সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন হয়, তাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
প্ৰেৰক নিৰেণ কুমাৰ শৰ্মা