নিয়মীয়া বাৰ্তা, ২৮ জুলাই : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদীৰ সৈতে তুলনা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সত্ৰ মহাসভাৰ সম্পাদকপ্ৰধান কুসুম কুমাৰ মহন্তই । আজি অসম সত্ৰ মহাসভাৰ সম্পাদকপ্ৰধান কুসুম কুমাৰ মহন্তই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতাৰে কয়- “কেৱল সস্তীয়া ৰাজনৈতিক লাভালাভৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সনাতনী লোকৰ আস্থাৰ প্ৰতীক ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী আখ্যা দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ এনে নিকৃষ্ট মন্তব্যক অসম সত্ৰ মহাসভাই একমুখে ধিক্কাৰ দিছোঁ”।
প্ৰেৰক ভূষণ তালুকদাৰ