উত্তপ্ত ইম্ফলত দুই লক্ষাধিকৰ প্রতিবাদ
🔴 দুই মহিলাক নির্যাতনৰ তদন্তৰ দায়িত্ব ল’লে চিবিআয়ে
বিশেষ বাৰ্তা, ৩০ জুলাই : দেশ কঁপোৱা মণিপুৰৰ দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভাইৰেল ভিডিঅ’ ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে চিবিআয়ে৷ উত্তপ্ত ইম্ফলত ২ লক্ষাধিকে প্রতিবাদ সাব্যস্ত কৰি মণিপুৰৰ হিংসাত জড়িতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী তোলে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ঘটনাটোৰ তদন্তৰ ভাৰ চিবিআইক অর্পণ কৰাৰ সিদ্ধান্ত লোৱাৰ এদিন পিছতে তদন্তকাৰী সংস্থাটোৱে কালি আনুষ্ঠানিকভাৱে তদন্তৰ দায়িত্ব গ্রহণ কৰে৷ ইয়াৰ পিছতে চিবিআয়ে ভাইৰেল ভিডিঅ’ৰ ঘটনাটোক লৈ গোচৰ ৰুজু কৰে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুসৰিয়েই মণিপুৰৰ দুই মহিলাক যৌন নির্যাতন আৰু দলবদ্ধ ধর্ষণৰ ঘটনাটোৰ গোচৰ ৰুজু কৰে চিবিআয়ে৷ গোচৰ ৰুজু কৰাৰ পিছতে চিবিআয়ে ঘটনাটোৰ তদন্ত কৰাৰ লগতে ধৃত সাত অভিযুক্তক নিজৰ জিম্মালৈ নিব আৰু ঘটনা সম্পর্কত সোধা–পোছা কৰিব৷ ঘটনাস্থলী পৰিদর্শন কৰাৰ লগতে নিপীড়িতৰ ভাষ্য লিপিবদ্ধ কৰিব৷ আনহাতে মণিপুৰৰ গোষ্ঠীগত সংঘর্ষৰ আঁৰত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে ৰাজ্যখনলৈ শীঘ্রে শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্যখনৰ নাগৰিক সমাজৰ এটি সংস্থা কক’মিয়ে ইম্ফলত ২ লক্ষাধিকৰ উপস্থিতিৰে তীব্র প্রতিবাদী সমদল উলিয়ায়৷ এই বিশাল প্রতিবাদী সমদলত অধিকাংশ মহিলাই অংশ লৈ পৰিস্থিতি উত্তাল কৰি তোলে৷ মন কৰিবলগীয়া যে মণিপুৰৰ ঘটনাক লৈ দেশৰ লগতে বিদেশতো প্রতিবাদ হৈ থকাৰ মাজতে মণিপুৰৰ গোষ্ঠীগত সংঘর্ষত বিদেশী ৰাষ্ট্রৰ ভূমিকা থাকিব পাৰে বুলি ব্যক্ত কৰিছে দেশৰ সেনা প্রাক্তন মুৰব্বী জেনেৰেল এম এম নাৰাৱানে৷ বিভিন্ন উগ্রপন্থী গোটত চীনৰ সহায়ৰ প্রসংগ উল্লেখ কৰি মণিপুৰৰ ঘটনাত বিদেশী শক্তি জড়িত থাকিব পাৰে বুলি নাৰাৱানে তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷