নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩১ জুলাই : ডিব্ৰুগড়ৰ মৰাণ থানাৰ অন্তৰ্গত মৰাণ চাহ বাগিচাত আজি বিয়লি প্ৰায় ৫ বজাত বিদ্যুৎস্পৃষ্ট হৈ মাতৃসহ এক পুত্ৰৰ একেলগে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, বাগিচাৰ কলঘৰৰ কাষতে পথৰ ওপৰত এডাল বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি আছিল। ৰিয়ান্স কৰ্মকাৰ নামৰ সাত বছৰীয়া শিশুটিয়ে পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰডাল হাতেৰে স্পৰ্শ কৰাত শিশুটি তাঁৰডালত লাগি ধৰে। মাতৃ ফুচকী কৰ্মকাৰ (২৬)-এ  পুত্ৰৰ গাত ধৰি এৰোৱাবলৈ টনাত মাতৃও বিদ্যুৎস্পৃষ্ট হয়। ফলত মাতৃ-পুত্ৰই দুয়ো একেলগে মৃত্যুক সাৱটি ল’বলগীয়া হয়। লগে লগে দুয়োজনকে তিলৈ সামূহিক গ্ৰাম্য চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে দুয়ো মৃত বুলি ঘোষণা কৰে। অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ গাফিলতিৰ বাবেই এনে দৰে মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু হব লগা হ’ল বুলি স্থানীয় লোকে অভিযোগ কৰিছে।
প্ৰেৰক অজিত চুতীয়া
You might also like