বিশেষ বাৰ্তা, ১ আগষ্টঃ বিজেপি নেতা শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সেই অনুসৰি গোচৰো হৈছে ৰুজু। কিয়নো সংখ্যালঘুৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে বিজেপি নেতা শিলাদিত্য দেৱ। উল্লেখ্য যে ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ পদত অধিষ্ঠিত আছে শিলাদিত্য দেৱ। উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা আনোৱাৰ হুছেইন, জুনেইদ খালিদ আৰু হাবিব আহমেদৰ এজাহাৰ দাখিল তেওঁৰ বিৰুদ্ধে। স্মৰ্তব্য যে চাৰি দিন পূৰ্বে আজানৰ বিৰুদ্ধে এক বিতৰ্কিত মন্তব্য কৰিছিল শিলাদিত্য দেৱে। শিলাদিতেযৰ বিৰুদ্ধে IPC 295 (A), 124 (A) আৰু153 (A) ৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। দিছপুৰ আৰক্ষীয়ে ৰুজু কৰিলে এই গোচৰটো।