বিশেষ বাৰ্তা, ৪ আগষ্টঃ শাৰীৰিক অসুস্থতাৰ বাবে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভর্তি কৰোৱা হৈছে বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, কবি ড০ বীৰেন্দ্রনাথ দত্তক৷ বার্ধক্যজনিত ৰোগত আক্রান্ত হোৱাৰ বাবে অসুস্থ হৈ পৰা বিশিষ্ট কবিগৰাকীক বুধবাৰে নিশা হাস্পতালখনত ভর্তি কৰোৱা হয়৷ ইয়াৰ পিছতে আইচিইউত তেওঁক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা প্রদান কৰি আছে৷ অৱশ্যে আজি বিশিষ্ট কবিগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটা বুলি জানিব পৰা গৈছে৷ ক্রমাৎ সুস্থ হ’লেও তেওঁক কেইবাদিনৰ বাবে হাস্পতালত চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ১৯৩৫ চনৰ ১ মার্চত জন্মগ্রহণ কৰা ড০ দত্তই গুৱাহাটীৰ চেনিকুঠী প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰে৷ গোৱালপাৰাৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়৷ এই পৰীক্ষাত তেওঁ শীর্ষ ১০জনৰ মাজত স্থান লাভ কৰে৷ পৰৱর্তী সময়ত আইএছচি পৰীক্ষাত তেওঁ শীর্ষ ১০জনৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ শান্তি নিকেতনৰ বিশ্ব ভাৰতীৰ পৰা তেওঁ স্নাতক ডিগ্রী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ গোৱালপাৰা জিলাৰ লোকসংস্কৃতি বিষয়ত গৱেষণা কৰি তেওঁ পিএইচডি ডিগ্রী লাভ কৰে৷ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি কেইবাখনো অগ্রণী শিক্ষানুষ্ঠানত শিক্ষকতা কৰা ড০ দত্তক ২০০৯ চনত পদ্মশ্রী সন্মানেৰে সন্মানিত কৰা হয়৷ অসম সাহিত্য সভাৰ সভাপতি হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল৷ অৱশ্যে গীতিকাৰ হিচাপে ড০ বীৰেন্দ্রনাথ দত্তৰ এক সুকীয়া পৰিচয় আছে৷ তেওঁ ৰচনা কৰা কেইবাটাও গীত সংগীতপ্রেমীৰ মাজত অত্যন্ত জনপ্রিয়৷ কেৱল জনপ্রিয়ই নহয়, ড০ বীৰেন্দ্রনাথ দত্ত ৰচিত গীতসমূহ অসমীয়া সংগীত জগতৰ একো একোটা সম্পদ হিচাপে গণ্য কৰা হয়৷ এইগৰাকী বিশিষ্ট কবি-সাহিত্যিকৰ অসুস্থতাৰ খবৰে স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলক উদ্বিগ্ন কৰি তুলিছে৷ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ জগতখনত অপৰিসীম অৱদান আগবঢ়োৱা মহীৰূহগৰাকীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিছে ৰাজ্যবাসীয়ে৷